গুৱাহাটী, সংবাদ ৩৬৫, ৩ মে’ : আজিৰ পৰা ৭ বছৰৰ আগতেই দুৰ্বৃত্তৰ গুলিত মৃত্যুক সাৱটি লৈছিল জলসিঞ্চন বিভাগৰ অভিযন্তা গদাপাণি পাঠকে। কিন্তু যোৱা ৭ বছৰে হত্যাকাণ্ডৰ লগত জড়িত কোনো এজন অপৰাধীয়েই শাস্তি পোৱা নাই । গদাপাণি পাঠকৰ পত্নী স্বৰ্ণালী পাঠকে মুখ্যমন্ত্ৰী, চি আই ডি, চি বি আই, আদালতৰ ওচৰত গৈয়ো পোৱা নাই কোনোধৰণৰ সুদূত্তৰ । পৰিয়ালৰ ক্ষোভ চৰকাৰৰ সদিচ্ছা থকা হলে অপৰাধীক ধৰিব পাৰিলে হয় । চৰকাৰৰ কামত গৈ মৃত্যুক সাৱটি লোৱা পাঠকৰ পৰিয়ালৰ বাবে আগবাঢ়ি অহা নাই চৰকাৰ ।

উল্লেখযোগ্য যে ২০১২ চনৰ ৩ মে’ত মৃত্যুক সাৱটি লোৱা গদাপাণি পাঠকৰ আজি ৭ তম মৃত্যু বাৰ্ষিকী। সৈনিক স্কুল গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সংগঠনৰ উদ্যোগত প্ৰয়াত পাঠকৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এখন স্মৃতি সভাৰ লগতে সংবাদমেলৰো আয়োজন কৰে ।

সংবাদমেলত প্ৰয়াত পাঠকৰ পত্নী স্বৰ্ণালী পাঠকৰ লগতে পৰিয়াল বৰ্গই অতি শীঘ্ৰে অপৰাধীক শাস্তি প্ৰদান কৰি পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। লগতে কয় যে বৰ্তমান বিচাৰধীন হৈ থকা প্ৰয়াত গদাপাণি পাঠকৰ গোচৰ প্ৰক্ৰিয়া লেহেমীয়া হৈছে গতিকে শীঘ্ৰে ন্যায় পাবলৈ গোচৰটোক ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ আওতালৈ আনিবলৈ চৰকাৰক দাবী জনায়। ইয়াৰোপৰি চলি থকা গোচৰটোক অভয়াপুৰৰ পৰা গুৱাহাটীলৈ বদলি কৰিবলৈও আবেদন জনায়।

চাকৰি জীৱনত কোনো দিনে আপোচ নকৰা গদাপাণি পাঠকৰ হত্যা কাণ্ডই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰিছিল । ইয়াৰ পাছতো ৰাজ্য চৰকাৰ কিম্বা প্ৰশাসনে কি কাৰণত ৭ বছৰে পাঠকৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নহল এইয়া বিচাৰ্যৰ বিষয় । আজি সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ সকলৰ লগতে পৰিয়ালৰ লোকেও হত্যা কাণ্ডৰ ঘটনাটোক গুৰুত্ব সহকাৰে লৈ উচিত বিচাৰ কৰিবলৈ পুনৰ দাবী জনায়।

প্ৰশ্ন হয় ন্যায় পাবনে পাঠকৰ পত্নীৰ লগতে তেওঁৰ পৰিয়ালে ? আনবোৰ অপৰাধীৰ দৰে হাৰি যাব নেকি পাঠকৰ হত্যাকাৰী ? নে চৰকাৰে পাহৰি যাব তেওঁলোকৰ হৈ কাম কৰি জীৱন ত্যাগ কৰা পাঠকৰ মৃত্যুৰ কথা ?