নাবলাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৪, ৫ জুনঃ সমগ্ৰ বিশ্বতে ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত বিশ্ববাসীয়ে পৰিৱেশৰ ভাৰাসাম্য নিয়ন্ত্ৰণত ৰখাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে গছপুলি ৰোপণ কৰি পৰিৱেশখন জীৱন নিৰ্বাহৰ উপকূল কৰি ৰখাৰ প্ৰচেষ্টা কৰে। কিন্তু আমাৰ এই পৰিৱেশখন আমাৰ জীৱন নিৰ্বাহৰ উপকূল কৰি ৰখাৰ বাবে কেলব মাত্ৰ এটা বিশেষ দিনৰহে প্ৰয়োজন নেকি? পৃথিৱীখনৰ পৰিৱেশ আমাৰ তথা আমাৰ আহিবলগীয়া প্ৰজন্মৰ জীৱন নিৰ্বাহৰ বাবে উপযোগী কৰি ৰখাৰ বাবে প্ৰতিটোদিনে পৰিৱেশ দিৱস হিচাপে পালন কৰিব লাগিব আমি পৃথিৱীবাসী। জীৱন কালতে নহয় মৃত্যুৰ পিছতো পৃথিৱীৰ পৰিৱেশখন জীৱকুলৰ বাবে উপযোগী কৰি ৰখাৰ এক ব্যতিক্ৰম প্ৰয়াস অব্যহত ৰাখিছে নলবাৰী জিলাৰ এখন গাঁৱৰ ৰাইজে। পশ্চিম নলবাৰীৰ কৈঠালকুছি গাঁৱৰ নাকেৰবাৰী অঞ্চলৰ ৰাইজে এখন সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ ১৯৭১ চনৰে পৰা অব্যহত ৰাখিছে এক ব্যতিক্ৰমী পদক্ষেপ। ১৯৭১ চনত অঞ্চলটোত ৰামশীষ নামৰ এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোকৰ মৃত্যু হৈছিল আৰু ৰাইজে ৰামশীষক সৎকাৰ কৰিছিল নাকেবাৰীৰ চুবুৰীৰ মাজেৰে বৈ যোৱা নদলা চেনেল কানাইখুণ্ডা জানৰ পাৰত৷ সৎকাৰৰ পিছত ৰামশীষৰ ৰামশীষৰ স্মৃতি জীয়াই ৰাখিবলৈ অঞ্চলটোৰ কেইজনমান ব্যক্তিয়ে জানখনৰ মথাউৰিত ৰোপন কৰিছিল এজোপা গছ৷ ১৯৭১ চনত ৰামশীষৰ স্মৃতিত গছপুলি ৰোপণ কৰা পৰম্পৰা বৰ্তমানেও অব্যহত ৰাখি অঞ্চলবাসী ৰাইজে প্ৰতিজন মৃত ব্যক্তিৰ স্মৃতিত এজোপাকৈ গছপুলি ৰোপণ কৰি মৃত ব্যক্তিজনৰ স্মৃতি জীয়াই ৰখাৰ লগতে পৰিৱেশখনকো উপকৃত কৰি আহিছে। জানখনৰ মথাউৰিত ৰাইজে ৰোপন কৰা গছপুলি সমূহে সময়ৰ লগে লগে একো একোডাল বৃহৎ আকাৰৰ বৃক্ষৰ ৰূপ লৈ পথচাৰীক ছাঁ প্ৰদান কৰাৰ লগতে পথছোৱাত সৌন্দৰ্য্য বৰ্ধন কৰিছে৷ প্ৰতিবছৰে চৰকাৰে কোটি কোটি টকা চৰকাৰী ধন খৰচ কৰি গছপুলি ৰোপণ কৰি এটা বিশেষ দিন পালন কৰি আহিছে যদিও পৰিৱেশখন সুস্থ কৰি ৰখাৰ বাবে কোনো বিশেষ দিনৰ অপেক্ষা নকৰি নলবাৰী জিলাৰ কৈঠালকুছি গাঁৱৰ নাকেৰবাৰী অঞ্চলৰ ৰাইজে মৃত ব্যক্তিৰ স্মৃতি জীয়াই ৰখাৰ লগতে অঞ্চলটো সেউজীয়া কৰি ৰখাৰ প্ৰচেষ্টাক এক পৰম্পৰা হিচাপে গঢ়ি তুলিছে।