সোণাপুৰৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৫, ৬ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে ডিমৰীয়াৰ ২৭ টা সংগঠনৰ উদ্যোগত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াঙ্গনত সংগঠন কেইটাৰ আহ্বান মৰ্মে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক ৰাইজে হাতে হাতে বেনাৰ, প্লেকাৰ্ডলৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদী সমদল উলিয়াই সোণাপুৰ ৰাজহ চক্ৰবিষয়াৰ কাৰ্যলয়ৰ সন্মুখত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে যুতিয়া সংসদীয় সমিতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত আছু, ট্ৰাইবেল সংঘ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল বড়ো ছাত্ৰ সন্থা, ডিমৰীয়া সাংবাদিক সন্থা, কংগ্ৰেছ, এজিপিকে প্ৰমূখ্য কৰি ২৭ টা সংগঠনে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে।