গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুনঃ এক মৃদু ভূমিকম্পই সোমবাৰে পুৱা জোকাৰি যায় সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলক। পুৱা ১০.২৪ বজাত অহা মৃদু ভূমিকম্পই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্য ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও জিলাৰ ধিং বুলি জানিব পৰা গৈছে। প্ৰায় ১০ ছেকেণ্ডৰো অধিক সময় ধৰি জোকাৰণি অনুভৱ হোৱা ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাই যদিও ঠাই বিশেষে একাংশ লোক আতংকিত হৈ পৰে। মহানৰগৰী গুৱাহাটীৰ বিভিন্ন ঠাইত ভূমিকম্পৰ ত্ৰাসত এপাৰ্টমেণ্ট সমূহত বাস কৰা লোক সকলে এপাৰ্টমেণ্টৰ পৰা বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লোৱা পৰিলক্ষিত হয়।