গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুনঃ গুৱাহাটী ৰে’ল ষ্টেচন সোমবাৰে পুৱা ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ মৰফিন জব্দ কৰিবলৈ সক্ষম হয়। ৰে’ল আৰক্ষীয়ে পুৱা ১ নং প্লেটফৰ্ম ৰখি থকা ৰাজধানী এক্সপ্ৰেছত তালাচী চলাওঁতে চেলুট ৰাচুল নামৰ এজন ব্যক্তিৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশৰ বাসিন্দা চেলুট ৰাচুল নামৰ লোকজনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৰফিনখিনি আনিছিল আৰু ৰাজধানী এক্সপ্ৰেছেৰে কানপুৰলৈ নিয়াৰ পথত গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। ৰে’ল আৰক্ষীয়ে জব্দ কৰা ৯০০ গ্ৰাম মৰফিন বজাৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ জব্দ কৰাৰ এনে সামগ্ৰী সৰবৰাহৰ লগত জড়িত কেইবাজনো লোকক আটক কৰিছে।