বিহপুৰীয়া, সংবাদ ৩৬৫, ২৬ মেঃ শোণিতপুৰ জিলাৰ তেজপুৰৰ মিছামাৰীস্থিত সেনা বাহিনীৰ চাৱনিৰ পৰা সেনা বাহিনীৰ এখন হেলিকপ্টাৰ ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত আকাশমাৰ্গত হঠাৎ হেলিকপ্টাৰ খনৰ যান্ত্ৰীক বিজুটি ঘটাত বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত জৰুৰী ভাৱে অৱতৰণ কৰিব লগা হয়। জৰুৰী ভাৱে অৱতৰণ কৰাৰ পিছত হেলিকপ্টাৰখনত থকা পাইলত আৰু তিনিগৰাকী সেনা বিষয়াক উদ্ধাৰৰ বাবে পৰবৰ্তি সময়ত আন এখন হেলিকপ্টাৰ উপস্থিত হয় বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত৷ সেনাবাহিনীৰ কাৰিকৰী অভিযন্ত্ৰা সকলে শনিবাৰে হেলিকপ্টাৰখনৰ বিজুটি দুৰ কৰিবৰ বাবে প্ৰচেষ্টা চলায় যদিও ব্যৰ্থ হয়। জানিব পৰা মতে হেলিকপ্টাৰখনৰ যান্ত্ৰীক বিজুটি দুৰ কৰিবৰ বাবে আৰু দুদিন প্ৰয়োজন হ’ব। বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত জৰুৰী ভাৱে হেলিকপ্টাৰ অৱতৰণ কৰাত সমগ্ৰ বিহপুৰীয়া নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু হেলিকপ্টাৰখন চাবলে বিহপুৰীয়াবাসীয়ে বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হয়।