গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৬ মেঃ গোৱালপাৰা জিলাৰ আগিয়াৰ দিন হাজিৰ কৰা পিতৃ-মাতৃৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কৰ্ণ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ পুনৰবাৰ প্ৰমাণ কৰিলে যে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। অতি দৰিদ্ৰতাৰ মাজৰে শিক্ষা গ্ৰহণ কৰা কৰ্ণ দাসে বহু কষ্টৰে আগিয়াৰ জেএনএম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পিতৃ মাতৃৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৯৩ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৰ্ণ দাসৰ পিতৃ-মাতৃয়ে লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল কৰি থকাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা দিব পৰা নাছিল পুত্ৰ কৰ্ণ দাসক। শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধাৰ পৰা বঞ্চিত হলেও কৰ্ণই কিন্তু বঞ্চিত নকৰিলে নিজৰ দৰিদ্ৰ পৰিয়ালটোৰ লগতে লগতে অঞ্চলবাসীক। ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন কৰ্ণ দাসৰ কিন্তু আৰ্থিক ভাবে দূৰ্বল কৰ্ণৰ সপোন পূৰণ কৰিবলৈ চৰকাৰ তথা দল সংগঠনৰ সহায়ৰ প্ৰয়োজন।