শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৮ জুনঃ শিৱসাগৰ জিলাৰ লাকুৱাৰ ঐতিহাসিক ৰাজগড় পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত নৰক যান্ত্ৰণা ভুগি লগা হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বৃহত্তৰ লাকুৱাবাসী ৰাইজ। পথটো মেৰামতি দাবীত বৃহস্পতিবাৰে লাকুৱাৰ স্থানীয় দল সংগঠনৰ লগতে শতাধিক ৰাইজ ৰাজগড় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰীৰ লগতে দেশৰ মহাৰত্ন কোম্পানী অএনজিচিৰ পুৰ্ত্তলিকা দাহ কৰে। পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ৰাইজ ওলাই আহি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অএনজিচিক লকুৱাবাসীয়ে পথটো মেৰামতি কৰিবলৈ দাবী জনোৱাৰ পিছতো নিগম কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাত পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় আৰু এই গাঁতত পৰি কেইবাজনো পথচাৰী আহত হৈছিল৷