ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, সংবাদ ৩৬৫, ২৮ জুনঃ অনাস্থা প্ৰস্তাব উত্থাপিত হোৱা ডিগবৈ নগৰ সমিতিৰ বহু বিতৰ্তিত সভানেত্ৰী শিপ্ৰা মল্লিকক অপসাৰণৰ দাবীত বৃহস্পতিবাৰে ডিগবৈ নগৰ সমিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডিগবৈবাসী ৰাইজ৷ নগৰ সমিতিৰ সভানেত্ৰীৰ ওপৰত উত্থাপিত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বৃহস্পতিবাৰে নগৰ সমিতিত এখন বৰ্ড মিটিং হোৱাৰ কথা আছিল যদিও সভানেত্ৰীক অচিৰেই অপসাৰনৰ দাবী তুলি ডিগবৈৰ জনতাই নগৰ সমিতিৰ প্ৰাংগনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্ৰতিবাদকাৰী সকলে শিপ্ৰা মল্লিক মূৰ্দাবাদ, সভানেত্ৰীক বহিস্কাৰ কৰক, দুৰ্নীতিগ্ৰস্থ ডিগবৈ নগৰ সমিতি ভংগ কৰক শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ আনহাতে নগৰ সমিতিৰ বিতৰ্কিত সভানেত্ৰী শিপ্ৰা মল্লিকে আহ্বান কৰা বৰ্ডৰ সভালৈ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন সহ সভানেত্ৰীৰ পক্ষত থকা তিনিগৰাকী ৱাৰ্ড কমিচনাৰ প্ৰতিবাদস্থলীত উপস্থিত হয় যদিও সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাব উত্থাপন কৰা ৫ গৰাকী ৱাৰ্ড কমিচনাৰ উপস্থিত থকাৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে, সভানেত্ৰী শিপ্ৰা মল্লিকৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহন কৰি ৫ গৰাকী ৱাৰ্ড কমিচনাৰে যোৱা ২৫ জুনত মহকুমাধিপতিক অভিযোগ পত্ৰ দাখিল কৰিছিল৷ বিজেপিৰ ৱাৰ্ড কমিচনাৰ ক্ৰমে বসন্ত প্ৰধান, সুশান্ত ভট্টাচাৰ্য আৰু প্ৰীতি খেৰুৱাৰ লগতে কংগ্ৰেছৰ দুই ৱাৰ্ড কমিচনাৰ ক্ৰমে ভাস্কৰ জীৱন বৰুৱা আৰু বন্তি চেতিয়াই সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে অনাস্থা প্ৰস্তাব৷ উত্থাপিত অভিযোগ অনুসৰি নগৰ সমিতিৰ সভানেত্ৰী শিপ্ৰা মল্লিকে নগৰ সমিতিখন পৰিচালনাৰ ক্ষেত্ৰত সৰ্বত্ৰে অনিয়ম আৰু অৰাজকতাৰ সৃষ্টি কৰি এক প্ৰকাৰে ডিগবৈ নগৰখনৰ উন্নয়ন স্তব্ধ কৰি ৰাখিছে৷ নিয়ম অনুসৰি প্ৰতিমাহে প্ৰতিজন ৱাৰ্ড কমিচনাৰক লৈ এখন সভা অনুষ্ঠিত কৰি সকলোবোৰ দিশ আলেচনা কৰিব লাগে যদিও বিগত ৬ মাহ ধৰি সভা আহ্বানৰ পৰা বিৰত থাকে সভানেত্ৰী শিপ্ৰা মল্লিক৷ যাৰ পৰিপ্ৰেক্ষিতত নগৰ সমিতিৰ ৫ গৰাকীকৈ ৱাৰ্ড কমিচনাৰে সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা অনাৰ পিছতে এইদৰে ডিগবৈবাসী ৰাইজ নগৰ সমিতিত উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷