অলি উল্লাহ খান

লাহৰীঘাট

১০ অক্টোবৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটত কংগ্ৰেছ কমিটিৰ উদ্যোগত কংগ্ৰেছ কৰ্মীৰ বিশাল সভা। কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত লাহৰীঘাটত কংগ্ৰেছ কর্মী সকলৰ অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কর্মী সভাৰ। কেইবা শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত।থাকে সভাত।

সমাগত অসম বিধানসভা নিৰ্বাচনৰ মাজত এতিয়াও প্ৰায় ছমাহ বাকী যদিও নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এৰ লগতে অন্যান্য দলৰ নেতা সকলে সমষ্টিয়ে সমষ্টিয়ে পৰিভ্ৰমণ কৰি দলৰ হৈ প্ৰচাৰ চলাই থকাৰ সমান্তৰলে ৰাজনৈতিক দল সমূহৰ স্থানীয় নেতা সকলেও দলৰ হৈ তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান।বিগত ২০-২৫ বছৰ ধৰি কংগ্ৰেছৰ দূৰ্গ হিচাপে ডাঃ নজৰুল ইছলামে নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখা সমষ্টিটোত নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাটো স্বাভাৱিক। আগন্তক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনটো লাহৰীঘাট সমষ্টি নিজৰ দখলত ৰখাৰ উদ্দেশ্যে দলীয় ভেটি মজবুত কৰিবলৈ পঞ্চায়তৰ পৰা আদি কৰি ব্লক আনকি ৱাৰ্ড লেবেলতো বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি দলৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি কৰাৰ চেষ্টা চলাই আহিছে কংগ্ৰেছ দলে। শুকুৰবাৰেও মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লক কমিনিউটি হলত লাহৰীঘাট সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল কৰ্মী সভা।

উক্ত কৰ্মী সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডাঃ নজৰুল ইছলাম, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক অজয় চিকাৰা, ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সম্পাদিকা দিপিকা শইকীয়া, মৰিগাঁও জিলা সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ ডাঃ আচিফ নাজাৰে। কেবা শতাধিক সংখ্যক কংগ্ৰেছ অনুৰগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে লাহৰীঘাট ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হৰমুজ আলীয়ে।