মানিকপুৰ, ,সংবাদ ৩৬৫, ২৩ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লেংটিছিঙাত ২ নং ৰাজ্যিক ঘাইপথত জনসাধাৰণৰ যাতায়াতৰ বাবে সূচল কৰাৰ দাবীত আৰু ঘাইপথটোৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ তুলি বঙাইগাঁও জিলা এন এছ ইউ আইয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেশৱ মহন্তৰ মাজত প্ৰতীকী নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অভিনব প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বঙাইগাঁও পৰা অভয়াপুৰী-লেংটিছিঙা-বৰপেটা হৈ গুৱাহাটীলৈ নিৰ্মান হৈ থকা ২ নং ৰাজ্যিক ঘাইপথৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবে বৃহত্তৰ লেংটিছিঙা আৰু ইয়াৰ পাৰ্শ্ববৰ্তী শতাধিক গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। নিৰ্মানকাৰী সংস্থাটোৱে পথছোৱাৰ নিৰ্মাণৰ নামত বিভিন্ন মাটি খান্দি দ-খাৱৈৰ সৃষ্টি কৰাত আৰু লেংটিছিঙা অংশত নিৰ্মাণ কৰি থকা পকী দলংখনৰ কাম সম্পূৰ্ণ নকৰাত ফুটব্ৰীজেৰে যাতায়াত কৰিব লগা হোৱাৰ লগতে আইনদীৰ ওপৰেৰে এই বৃহৎ অঞ্চলৰ জনসাধাৰণে নাওৰে যাতায়াত অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে। যাতায়তৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰা এই সমস্যা সমূহৰ বাবে বঙাইগাঁও জিলা এন এছ ইউ আইৰ সদস্য সকলে নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অভিনব প্ৰতিবাদ সাব্যস্ত কৰে।নাওখেল প্ৰতিযোগিতাত বিজয়ী ৰাজ্য চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এথোক আঠিয়া কলেৰে পুৰস্কৃত কৰি মন্ত্ৰী গৰাকীক ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰে কংগ্ৰেছৰ ভাতৃ সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ছফিকুল ইছলামে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক, ২ নং ৰাজ্যিক ঘাইপথটো যাতায়াতৰ বাবে সূচল কৰক প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলি অতিশীঘ্ৰে ঘাইপথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে।