গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুন : অসম চৰকাৰৰ শিক্ষামন্ত্রীয়ে প্ৰায় ৪৬ হাজাৰ শিক্ষকক এতিয়াৰে পৰা নিয়মীয়া শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু সুবিধা দিব বুলি কৰা ঘোষণাৰ ওপৰত মন্তব্য ৰাখি প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মঙলবাৰে এক সংবাদমেলত কয় যে, আমি অসম চৰকাৰক দাবী জনাইছো যে নিয়মীয়া শিক্ষকৰ সমপৰ্যায়ৰ নহয় সম্পূর্ণৰূপে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ ব্যৱস্থা কৰক। আমাৰ চৰকাৰৰ দিনত তৃতীয়-চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীকে ধৰি বহু হাজাৰ পদ নিয়মীয়াকৰণ কৰা হৈছিল। শিক্ষামন্ত্রী তথা চৰকাৰে বাকী থকা প্ৰায় ৩৮ হাজাৰ শিক্ষকৰ পদসমূহো নিয়মীয়া কৰিব লাগে।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ সকলোক শিক্ষকক নিয়মীয়া নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে। ইয়াৰোপৰি কংগ্রেছ চৰকাৰৰ দিনত বহু মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা হৈছিল। প্ৰভিন্সিয়েলাইজ আইনৰ আধাৰত বাচনি হৈ থকা প্ৰায় ১৩৪ খন মহাবিদ্যালয়ৰ প্ৰায় ৭৬৮ জন শিক্ষকৰো নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।বৰ্তমানৰ শিক্ষামন্ত্রী গৰাকীয়েই ইতিমধ্যে শিক্ষক সকলক যোৱা চাৰিবছৰে মাথো প্ৰতিশ্ৰুতিয়েই দি আছে। ৬০ বছৰ বয়সৰলৈকে চাকৰি থকাৰ ওপৰিও কংগ্রেছ চৰকাৰৰ দিনত কলেজ শিক্ষকসকলক পেন্সন দিয়াৰ ব্যৱস্থাও গ্রহণ কৰা হৈছিল।

কৰ’ণা ভাইৰাছৰ ফলত সৃষ্ট হোৱা পৰিস্থিতিৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ প্ৰকৃত তথ্য আহৰণ আৰু অধ্যয়ন কৰি চৰকাৰক এক প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰাক্তন আমোলা সুভাষ দাসৰ নেতৃত্বত মুখ্যমন্ত্রীয়ে এখন কমিটি গঠন কৰি দিছিল। এই কমিটিখনে চৰকাৰৰ হাতত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে, কিন্তু আজিলৈকে এই কমিটিৰ প্ৰতিবেদন কিয় ৰাজহুৱা কৰা নহ’ল বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে? এই প্ৰতিবেদন অনতিপলমে ৰাজহুৱা কৰিব লাগে আৰু ইয়াৰ পৰামর্শসমূহ কাৰ্যকৰী কৰিব লাগে বুলিও দাবী জনাই তৰুণ গগৈয়ে। এই কমিটিখন গঠন কৰাৰ মূল উদ্দেশ্যই আছিল যে কৰ’ণাৰ ফলত সাংঘাতিকভাৱে অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা সকলো ক্ষেত্রৰে প্ৰকৃত তথ্য আহৰণ কৰা আৰু ইয়াৰ সমাধানৰ বাবে পৰামর্শ প্ৰদান কৰা। সেয়েহে এই পৰামর্শৱলী সোনকালে ৰাজহুৱা কৰি সকলোকে সকাহ দিয়াৰ ব্যৱস্থা গ্রহণ কৰিব লাগে চৰকাৰখনে। আমি নিবিচাৰো যে এইখন এন আৰ চিৰ দৰে পেলনীয়া কাগজ হওক। চৰকাৰে প্ৰতিবেদনখন অধ্যয়ন কৰিবৰ বাবে এখন কেবিনেট কমিটি গঠন কৰি দিছে। আমি বিচাৰিছো যাতে এই কেবিনেট কমিটিখন ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰি দিয়া কেবিনেট কমিটিৰ দৰে নহয়গৈ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পদক্ষেপক আমি বিৰোধিতা কৰিছো, কাৰণ, মাথো জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰা হৈছে। উজনি অসমত জনসংখ্যা কম সেয়েহে তাত আসনৰ সংখ্যা হ্রাস পাইছে। মোৰ ব্যক্তিগত অনুভৱ যে উজনি অসমত তুলনামূলক ভাবে পৰিয়াল পৰিকল্পনা সফল আৰু শিক্ষাৰ প্ৰসাৰো অধিক হোৱাৰ বাবে জনসংখ্যা হ্রাস পাইছে। এতিয়া ইয়াৰ বাবে উজনি অসমে শাস্তি পাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। এফালে আমি জন্ম নিয়ন্ত্রণ আৰু শিক্ষাৰ প্ৰসাৰৰ কথা ক’ম আৰু আনফালে ইয়াৰ বাবে আসন হ্রাস কৰিব। সেয়েহে, মাথো জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা সমষ্টি পুন নিৰ্ধাৰণৰ মই বিৰোধিতা কৰিছো। বিজেপিয়ে হয়তো বুজা নাই সেয়েহে কেন্দ্রক দায়িত্ব এৰিছে। বিজেপি চৰকাৰক সুধিব বিচাৰিছো যে তোমালোকে ৰাজ্যখনৰ স্বাৰ্থক গুৰুত্ব নিদিবা নেকি? আমি শাসনত থাকোঁতেও বিষয়টোৰ আমি বিৰোধিতা কৰিছিলো। সেয়েহে, এতিয়াও চৰকাৰক মই বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰিবলৈ আহ্বান জনাইছো।

ডিমা-হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে মহামান্য আদালতে ৰায়দান কৰাৰ পিছত মুখ্য কার্যবাহীজনৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে। শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত দেৱলাল গাৰ্লোছা কেনেকৈ শাসনত বৰ্তি আছে সেইয়াহে আচৰিত কথা। অনতিপলমে দেৱলাল গাৰ্লোছাক অপসাৰণ কৰিব লাগে বুলি দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰয়োজন অনুযায়ী ইয়াৰ বাবে আমি দুই এদিনৰ ভিতৰতে ৰাজ্যপালক লগ কৰাৰ অনুমতি বিচাৰিম বুলিও জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

অখিল গগৈৰ বিৰুদ্ধে নানান কাৰণত চৰকাৰে যিধৰণে কিছুমান মিছা গোচৰ জাপি দিছে সেইসমূহ উঠাই ল’বলৈ চৰকাৰক আহ্বান জনাইছো তৰুণ গগৈয়ে। শান্তিপূর্ণ ভাৱে আন্দোলন কৰাৰ পাছতো ‘কা’ বিৰোধী দল, সংগঠন, ব্যক্তিৰ বিৰুদ্ধে নানানটা মিছা গোচৰ জাপি দি হাৰাশাস্তি কৰা আমি দেখিছোঁ। ঠিক তেনেদৰে আমাৰ কংগ্রেছ দলৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঞিকে ধৰি বহুজনক চি আই ডিয়ে জেৰা চলাইছে। এনেদৰে চৰকাৰ চলে নেকি? বিজেপি শাসিত অন্য ৰাজ্যতো এনে ঘটনা সংঘটিত হৈছে। চৰকাৰৰ এনে মানসিকতাক আমি তীব্র বিৰোধিতা কৰিছো আৰু মিছা গোচৰসমূহ উঠাই ল’বলৈ দাবী জনাইছো।