গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুন : সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গণ আক্ৰমণ তথা গণ প্ৰহাৰৰ ঘটনা। যোৱা দুটা বৰ্ষত অসমত প্ৰায় দহ জন লোকে গণ আক্ৰমণ ফলত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে। ২০১৮ বর্ষৰ আজিৰ দিনটোতেই কাৰ্বি আংলং জিলাৰ দকমকা থানাৰ অন্তৰ্গত পাঞ্জুৰী কছাৰী গাঁৱত অভিজিৎ নাথ আৰু নিলোৎপাল দাস নামৰ গুৱাহাটীৰ দুজন যুৱকক দলবদ্ধ ভাবে আক্ৰমণ কৰি হত্যা কৰা হৈছিল। ৰাজ্য তথা দেশ কঁপাই যোৱা এই ঘটনাৰ আজি দুটা বৰ্ষ সম্পূৰ্ণ হ’ল যদিও এই ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়া লেহেম হোৱা পৰিলক্ষিত হৈছে। একাংশ সাক্ষীয়ে ঘটনা সন্দৰ্ভত আদালতত ভাষ্য সলনি কৰিছে।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, মানৱধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অভি-নীলৰ পূৰ্বেও কাৰ্বি আংলং জিলাত ২০১৩ বৰ্ষৰ জুলাই মাহত ঝংকাৰ শইকীয়া নামৰ এজন ২১ বছৰীয়া যুৱকক দলবদ্ধ ভাবে আক্ৰমণ কৰি হত্যা কৰা হৈছিল।ঝংকাৰ হত্যাৰ ৫ বছৰ পিছত অভি-নীলকও হত্যা কৰা হৈছিল কাৰ্বি আংলংতেই। অভি-নীলৰ হত্যাৰ ঠিক দুমাহ পিছতে ২০১৮ বর্ষৰ ১৫ আগষ্টৰ পুৱতি নিশা বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত ডিপ্লঙা চাহ বাগিচাত ৪ জন লোক গণ আক্ৰমণৰ বলি হয় আৰু দেবেন তাঁতী নামৰ এজন লোক এই আক্ৰমণৰ ফলত নিহত হয়। ২০১৯ বর্ষৰ আগষ্ট মাহত জিতু বৰগোহাঁই নামৰ নাজিৰাৰ এজন যুৱকক শিৱসাগৰ জিলাৰ নামটি বজাৰত হত্যা কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ক্ৰমে যোৰহাট জিলাৰ টীয়কত চিকিৎসক দেবেন দত্ত, কামৰূপ জিলাৰ হাজোত সনাতন ডেকা, শোণিতপুৰ জিলাৰ ঠেলামৰাত এগৰাকী মহিলা, ডিব্ৰুগড় জিলাৰ চাবোৱাত এজন লোকক আৰু সৌ সিদিনা পুনৰ যোৰহাট জিলাৰ মৰীয়নিত দেৱশীষ গগৈ নামৰ এজন যুৱক গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হয়।উল্লেখযোগ্য যে, চিকিৎসক দেবেন দত্তৰ ঘটনাত জড়িত ৩২জন অভিযুক্তক দুদিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰি তন্ন তন্ন কৈ তদন্ত কৰি কেৱল ২২ দিনৰ ভিতৰত চার্জচিট দাখিল কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল তেতিয়াৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকাৰ চন্দ্ৰকান্ত। ইয়াৰ পিছতো কিন্তু ন্যায়িক প্ৰক্ৰিয়া আদালতৰ মজিয়াত লেহেম হোৱাৰ অভিযোগ উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে। গণ আক্ৰমণৰ ঘটনা ৰোধ কৰিবলৈ হ’লে উপযুক্ত প্ৰকৃত শিক্ষাৰ লগতে সজাগতাৰ প্ৰয়োজন বুলি ডঃ শইকীয়াই দোহাৰে।

উল্লেখযোগ্য যে, অসমত শেহতীয়া কৈ প্ৰণয়ন হোৱা ডাইনী কাণ্ড প্ৰতিৰোধী আইনৰ অন্যতম যোদ্ধা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে আগন্তক দিনত গণ আক্ৰমণ প্ৰতিৰোধৰ বাবে এখন সুকীয়া আইনৰ বাবে পুনৰ যুঁজ আৰম্ভ কৰিছোঁ। এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছে। যোৱা প্ৰয়া ডেৰ বছৰে ন্যায়ৰ যুঁজ চলাই যোৱা অভি-নীলৰ পিতৃ অজিত নাথ আৰু গোলাপ দাস গণ আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ যুঁজ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ লগত।চলাই যাব বুলি জানিবলৈ দিয়ে। নগাঁও আদালতত বিচৰা প্ৰক্ৰিয়া চলি থকা অভি-নীল হত্যাৰ কেইজনমান সাক্ষীয়ে ভাষ্য সলনি কৰাৰ সন্দৰ্ভত অভি-নীলৰ পিতৃয়ে কয় অভি-নীলৰ হত্যাকাৰী সকলক হৈ কোনোবাই এই ষড়যন্ত্ৰ কৰিছে। সাক্ষীয়ে আদালতত ভাষ্য সলনি কৰিলেও অভি-নীল আদালতৰ পৰা এদিন ন্যায় লাভ কৰিব বুলি আমাৰ আদালতৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বুলিও মন্তব্য কৰে অভি-নীলৰ পিতৃয়ে।