আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৮ অক্টোবৰ

শিৱসাগৰ চৰৰত অব্যাহত আছে চোৰৰ অতপালি। দিন দুপৰতেই চহৰৰ মাজমজিয়াৰ পৰাই চুৰে স্কুৰ্টী নিয়াক লৈ চাঞ্চল্য৷ চহৰত দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা।

শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তাক ভেঙুচালি কৰি পুণৰ চহৰৰ মাজমজিয়াৰ পৰাই চোৰে লৈ গ’ল এখন স্কুৰ্টী৷ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ এলাহাবাদ বেংকৰ সন্মুখৰ পৰাই চোৰে লৈ যায় স্কুৰ্টীখন৷ জলসম্পদ বিভাগৰ কৰ্মচাৰী প্ৰদীপ দে নামৰ লোক জনে তেওঁৰ এএছ-০৪-জে-৭৮৩২ নম্বৰৰ স্কুৰ্টীখন থৈ বজাৰলৈ যোৱাৰ সময়তেই সংঘটিত হয় এই চুৰিকাণ্ড৷ ঘটনা সংক্ৰান্তত প্ৰদীপ দে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে স্কুৰ্টীখনৰ কোনো সন্ধান ওলোৱা নাই৷

উল্লেখ্য যে কিছুদিন পুৰ্বেও বলেৰ বাহনত অহা চোৰৰ দল এটাই মেলাচকৰ অঞ্চলৰ এজন লোকৰ ঘৰৰ গেট ভাঙি লৈ গৈছিল এখন আঢ়ৈ লাখ টকীয়া বিলাসী বাইক। শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা তিনিটকৈ মছজিদটো কিছুদিন পূৰ্বে চোৰে লুটপাত চলাইছিল।