আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ অক্টোবৰ

শিৱসাগৰৰ দলমুখ চাৰিআলিত বুধবাৰে নিশা ভয়ংকৰ সংঘৰ্ষ৷ হাতে হাতে দা, লাঠী লৈ সংঘৰ্ষত লিপ্ত দুটা গোট। পদপথত বসবাস কৰা দুই গোটৰ সংঘৰ্ষত এগৰাকী যুৱতীসহ কেইবাজনো লোক কম বেছি পৰিমাণে আহত। হাতে হাতে দা, লাঠী, ৰড, চিচাৰ বটল লৈ দুই গোট নিশা লিপ্ত হয় সংঘৰ্ষত৷

শিৱসাগৰ নগৰৰ হৃদপিণ্ড স্বৰূপ দলমুখ চাৰিআলিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ৷ হাতে হাতে দা, লাঠী, ৰড, চিচাৰ বটল লৈ নিশাৰ ভাগত দুই গোট লিপ্ত হয় ভয়ংকৰ সংঘৰ্ষত। সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে দীৰ্ঘ সময় ধৰি ব্যস্ত দলমুখ চাৰিআলি স্তব্দ হৈ পৰিছিল। ৰাজপথৰ ওপৰত হাতে হাতে দা, লাঠী, চিচাৰ বটল লৈ দৌৰা, দৌৰি, খেদা, খেদিৰ ফলত পৰিস্থিতি ভয়াবহ হৈ পৰিছিল। সংঘৰ্ষৰ ফলত ৰাইজ আতংকিত হৈ শিৱসাগৰ সদৰ আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উথাপিত হৈছে৷ হিন্দী চিনেমাৰ আৰ্হিত নিশা শিৱসাগৰৰ ব্যস্ত দলমুখ চাৰিআলিত দুই গোটৰ মাজত চলে ভয়ংকৰ সংঘৰ্ষ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি শিৱসাগৰ চহৰৰ ৰাজপথত একাংশ সন্দেহজনক লোক বসবাস কৰি আহিছে। দীৰ্ঘদিন ধৰি চহৰখনত চুৰি, ডকাইতিৰে আতংকৰ সৃষ্টি কৰি অহা এই সকল সন্দেহজনক পদপথৰ আৱাসীৰ বাবেই নিশা শিৱসাগৰত অকলশৰীয়াকৈ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷