ৰঙিয়া
২৯ অক্টোবৰ

নিজৰ মুনাফা আদায় নহ’লে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই। মুনাফা আদায় নোহোৱা বাবেই এখন জৰাজীৰ্ণ দলং পকীকৰণৰ ক্ষেত্ৰত বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ।

পৰিৱৰ্তন আৰু উন্নয়ৰ আশ্বাস প্ৰদনা কৰি ২০১৬ চনত শাসনলৈ অহা বিজেপি চৰকাৰৰ বিধায়ক তথা মন্ত্ৰী সকলৰ সমষ্টি সমূহত প্ৰকৃততে কিবা পৰিৱৰ্তন আৰু উন্নয়ন হৈছে নে? বিজেপিৰ বিধায়ক আৰু মন্ত্ৰী সকলে পৰিৱৰ্তন আৰু উন্নয়নৰ ফটা ঢোল যিমানেই নবজাওক কিয় পৰিৱৰ্তন আৰু উন্নয়নৰ ফোঁপোলা স্বৰূপ বিজেপিৰ বিধয়াক আৰু মন্ত্ৰী সকলৰ সমষ্টি সমূহৰ বাট-পথ আৰু দলং সমূহে উদঙাই দিছে। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ সমষ্টিৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৰঙিয়াৰ দ্বাৰকুছি-নলবাৰী পথৰ খোপনিকুছিত থকা জৰাজীৰ্ণ দলংৰ অৱস্থাই। মৰণফাণ্ডত পৰিণত হোৱা দলংখন পাৰ হ’বলৈ মৰণক শৰণ কৰি বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য হৈছে সহস্ৰাধিক গঞা ৰাইজ। সমষ্টিটোৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক দলংখন পকীকৰণ কৰাৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও আজিকোপতি দলং পকীকৰণ নহ’ল। নিজৰ মুনাফা আদায় নোহোৱা বাবেই দলংখনৰ পকীকৰণৰ ক্ষেত্ৰত বিধয়াক তথা মন্ত্ৰী গৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সুদীৰ্ঘ ৭ বছৰে দলংখন মেৰামতি নকৰাৰ ফলত দলং খন জহি-খহি যাবলৈ ধৰিছে। দলংখনেৰে যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জনসাধাৰণে নৰক যন্ত্ৰণা ভুগি আহিছে। বিশেষকৈ শিশু, মহিলা, বৃদ্ধ আৰু ৰোগী সকল যাতায়তৰ নামত জৰাজীৰ্ণ দলংখন পাৰ হোৱাৰ সময়ত দুৰ্ভোগ ভুগিৱ লগা হৈছে।

উপায় বিহীন গঞাই কাঠৰ দলংখনৰ ভগ্ন অংশ সমুহত বাহেৰে যোৰা-ঢাপলি মাৰি যাতায়ত কৰিছে যদিও দলংখন দুৰ্বল হোৱাৰ বাবে বাহনসমুহ ঠেলি পাৰ কৰিব লাগে ৰাইজে। বিভিন্ন সময়ত জৰাজীৰ্ণ দলংখন পাৰ হওঁতে সৰু বৰ দুৰ্ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ভুক্তভোগী ৰাইজে দলংখন অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাই কয় যে দলংখন মেৰামতি নকৰিলে আগন্তক ২০২১ ৰ নিৰ্বাচনত ৰাইজ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।