গুৱাহাটী, সংবাদ ৩৬৫, ১ মে’: শ্ৰমিক আন্দোলনৰ পটভূমিত প্ৰত্যেক বছৰে পালন কৰি অহাৰ দৰে সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো বিস্তৃত কাৰ্য সূচীৰ পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰতো পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস । সেই উপলক্ষে সকলো পৰ্যায়ৰ মালিক পক্ষৰ দ্বাৰা শোষিত,নিষ্পেষিত শ্ৰমিক শ্ৰেণী সমবেত হয়।

উল্লেখ্য যে বিশ্বৰ সকলো দেশৰ লগতে ভাৰতবৰ্ষ তথা অসমৰ ৰাইজে প্ৰতি বছৰে উৎসাহ-উদ্দীপনাৰে ১৮৮৬ চনৰ মে’ মাহৰ পহিলা দিনটোত আমেৰিকাৰ চিকাগো চহৰৰ হে মাৰ্কেটত সংঘটিত শোষণ, নিৰ্যাতন বিৰোধী সংগ্ৰামক স্মৰণ কৰি পালন কৰি আহিছে । মে’ দিৱস শোষণ-নিৰ্যাতন বিৰোধী সংগ্ৰামক আগবঢ়াই ইয়াৰ বাবে সংকল্পবদ্ধ হোৱাৰ দিন ।

দীঘলী পুখুৰীৰ পাৰত সমবেত হোৱা সকলো শ্ৰেণীৰ শ্ৰমিক লগ হৈ তীব্ৰ ক্ষোভ উজাৰে। তেখেত সকলে কয় যে বাৰে বাৰে দাবী জনোৱাৰ পিছতো লক্ষ লক্ষ শ্ৰমজীৱী মানুহে দিল্লীত তিনিদিন ধৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পাছতো সকলো শ্ৰমিক সংগঠনৰ মূল্যবৃদ্ধি ৰোধ, কৰ্মসংস্থাপন, শ্ৰম আইন কার্যকৰী কৰা, নিম্নতম মজুৰি আদিৰ প্ৰতি কোনোধৰণৰ সঁহাৰি জনোৱা নাই । শ্ৰমজীৱী মানুহৰ জ্বলন্ত সমস্যাবোৰৰ প্ৰতি পিঠি দি কৰ্পৰেট গোষ্ঠীৰ সেৱাত লাগি আছে চৰকাৰ । সেইয়েহে সকলোৱে মে’ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলো শ্ৰমজীৱী মানুহ ঐক্যবদ্ধ হৈ দেশৰ আৰু ৰাজ্যত গণতন্ত্ৰ,ধৰ্মনিৰপেক্ষতাৰ লগতে ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰি শোষণ, নিৰ্যাতন বিৰোধী সংগ্ৰামক আগুৱাই নিবৰ বাবে আহ্বান জনায়।