কালগাছিয়াৰ পৰা স্বফিকুল হাচান, সংবাদ ৩৬৫, ১৩ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়াৰ নিকটৱৰ্তী তথা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ বাসিন্দা হালিম মিঞা নামৰ চাৰি সন্তানৰ পিতৃ এগৰাকী সন্ধানহীন হৈ থকাৰ ঘটনাই পৰিয়ালটোত হাহাঁকাৰৰ সৃষ্টি কৰিছে। হালিম মিঞাক বিচাৰি বৰ্তমান কান্দোনত ভাঙি পৰিছে পত্নী আৰু চাৰি সন্তান। যোৱা ঈদ উল ফিতৰৰ পূৰ্বে কাম বিচাৰি হাউলীলৈ ওলাই যোৱা হালিম মিঞা বৰ্তমানলৈকে ঘৰলৈ উভতি অহা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত হালিম মিঞাৰ বিচাৰ খোচাৰ কৰি কোনো সন্ধান নাপাই মানিকপুৰ আৰক্ষী থানাত গোচৰ দাখিল কৰে। ইফালে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ঘৰলৈ নহাত খাদ্য বিচাৰি হাহাঁকাৰ কৰিছে সন্তান কেইগৰাকীয়ে। অনাহাৰত থকা সন্তানৰ মুখত এমুঠি ভাত তুলি দিব নোৱাৰি স্বামীক বিচাৰি কান্দোনত ভাগি পৰিছে পত্নী মাহিয়া খাতুন। সন্ধানহীন হৈ থকা হালিম মিঞাই ওভতি নহাত কোনো দুষ্ট চক্ৰ বা অংগ ব্যৱসায়ীৰ হাতত পৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই।