কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৯ জুনঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠাৰ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰে সংঘটিত কৰা দুৰ্নীতিৰ প্ৰতিবাদত শনিবাৰে উত্তাল হৈ পৰে সমবায় চৌহদ। সম্পদক আব্দুছ ছবুৰে মধ্যাহ্ন ভোজনৰ ১৪ বেগ চাউল সমবায়খনৰে তালেব নামৰ সুলভ মূল্যৰ দোকানীৰ ওচৰত বিক্ৰী কৰে। সম্পদক আব্দুছ ছবুৰে মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰা বুলি খবৰ পাই সমবায়খনৰ সভাপতি এছাহাক আলীয়ে বৰভিঠা আৰক্ষী চকীত গোচৰ দিয়াত আৰক্ষীয়ে চাউলখিনি জব্দ কৰে যদিও সম্পাদক আব্দুছ ছবুৰে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। ইফালে সমবায়খনৰ ১৬ লাখ টকা সম্পাদক গৰাকীয়ে আত্মসাৎ কৰা, বিভিন্ন সময়ত চাউল বিক্ৰী কৰাৰ লগতে বিভিন্ন অভিযোগ তুলি সম্পাদক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্থ কৰাৰ লগতে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি সম্পাদক গৰাকীক বৰখাস্ত কৰাৰো দাবী জনাইছে ৰাইজে।