গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : বিগত বছৰৰ দৰে এইবাৰো সাহসী বে-চৰকাৰী সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথৰ একক প্ৰচেষ্টাত তথা সন্থাৰ সহযোগত সাহসী বঁটা প্ৰদান কৰা হৈছে। যিসকল ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে তেওঁলোকক তেওঁলোকৰ বিশিষ্ট কৰ্মৰ কাৰণে সাহসী বঁটা প্ৰদান কৰা হৈছে ।

এগৰাকী নাৰী হিচাপে তৃষ্ণা নাথৰ কঠোৰ শ্ৰমৰ ফলতেই এই সন্থাটো গঢ় লৈ উঠিছে । গাৰ্হস্থ্য জীৱনত যিসকল মহিলা নিৰ্যাতিতা হৈ আহিছে তেওঁলোকৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে সন্থাটোৱে । ইয়াৰোপৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ল’ৰা-ছোৱালীক সন্থাৰফালৰ পৰা আৰ্থিক সাহাৰ্য্য আগবঢ়াই কিছু পৰিমাণে আৰ্থিকভাৱে সকাহ দিয়ে । যাৰ ঘৰৰ অৱস্থা একেবাৰেই ভাল নহয় , ঘৰৰ চালি এখন দিব পৰাকৈও যাৰ সামৰ্থ্য নাই তেখেতসকলকো কিছু পৰিমাণে হলেও সন্থাই সহায়ৰ হাত আগবঢ়াই।

এইবাৰৰ সাহসী বঁটা প্ৰাপকসকল ক্ৰমে আৰক্ষী বিষয়া মুকুল শইকীয়া , দুৰ্নীতি বিৰোধী যুৱ শক্তি ,অসমৰ ৰাকেশ কুমাৰ ডেকা, শিক্ষয়িত্ৰী ডিলেশ্বৰী লহকৰ গগৈ, অতিৰিক্ত আৰক্ষী বিষয়া পূৰবী মজুমদাৰ, বিশিষ্ট লেখিকা জুৰি শৰ্মা বৰদলৈ, সংগীত শিল্পী বিদ্যা চিৰিং ফুকন,সাংবাদিক চক্ৰপানী পৰাশৰ, যান-বাহন আৰক্ষীৰ কণিষ্ঠবল মিথুন দাস, প্ৰতিবন্ধকতাৰ মাজতো প্ৰেৰণাৰ উৎস হৈ ৰোৱা প্ৰিন্সি গগৈ।