সোণতলী, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ  দক্ষিণ কামৰূপৰ সোণতলীত মঙ্গলবাৰে সংঘটিত হয় এক ভয়াবহ ঘটনা। উচ্চ ক্ষমতা সম্পন্য বিদ্যুৎৰ তাৰ ছিঙি পৰাত কোনো মতে প্ৰাণ ৰক্ষা পৰে কেইবাজনো পথচাৰীৰ। পথৰ ওপৰত বিদ্যুতিক তাৰ ছিঙি পৰা বহু সময় ধৰি বন্ধ হৈ পৰে যাতায়ত ব্যাৱস্থা। বিদ্যুৎ বিভাগক অৱগত কৰোৱাৰ পিছতো কোনো কাণসাৰ নাই বকো বিদ্যুৎ উপ সংমণ্ডলৰ৷ ম্যদ উকলি যোৱা তাৰেৰে বিদ্যুৎ যোগান ধৰাৰ বাবেই এই অঘটন সংঘটিত হোৱা অভিযোগ স্থানীয় বাসিন্দাৰ। মঙ্গলবাৰে ৰাতিপুৱা ৭-৩০ মান বজাত দক্ষিণ কামৰূপৰ সোণতলীত হঠাত উচ্চ ক্ষমতা সম্পন্য পৰিবাহি তাৰ এটা ছিঙি বিকট শব্দ হোৱাত অঞ্চলবাসী আতংকিত হৈ পৰে। বিদ্যুৎ পৰিবাহী তাৰডাল চিঙি পৰাৰ সময়ত পথটোৰ ওপৰত কেইবাজনো পথচাৰী আছিল যদিও শোভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আটাইকেইজন পথচাৰীৰ৷ সোণতলী চমৰীয় গড়কাপ্তানী সংযোগী শেলেসুঁতি ছমৰীয়াপাম পথত তাৰডাল চিঙি পৰাত বহু সময় ধৰি বিভিন্ন যান বাহনৰ লগতে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সম্পুৰ্ণ ভাৱে ব্যহত হৈ পৰে৷  ম্যদ উকলি যোৱা তাৰেৰে বিদ্যুৎ বিভাগে গ্ৰাহকক বিদ্যুৎ যোগাৰ ধৰাৰ বাবেই এই ভয়ংকৰ ঘটনাৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰে। বকো বিদ্যুৎ উপসংমণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত শেলেসুঁতিত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো বহু সময় ধৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় বিষয়া কৰ্মচাৰীৰ। বৃহত্তৰ সোণতলী অঞ্চলৰ সাপ্তিহিক বজাৰৰ দিনা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বহু পলমকৈ পথৰ ওপৰত ছিঙি পৰি থকা তাৰটোৰ বিদ্যুৎ কৰ্তণ কৰে আৰু  ইয়াক কেন্দ্ৰ কৰি সোণতলী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷