ধুবুৰী, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ বন্ধ হব ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৰে অবৈধ অনুপ্ৰেবেশ কৰি আৰু চোৰাং কাৰবাৰ। চি আই বি এম এছ প্ৰজেক্টৰ জড়িয়তে বৰ্ল্ড কুইটৰ অথ্যাধুনিক পদ্ধতিৰে কোটি টকীয়া আঁচনিৰ জড়িয়তে বন্ধ কৰা হব অবৈধ অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ। দীর্ঘ সময়ৰ অন্তত অৱশেষত ছিল হবলৈ গৈ আছে ধুবুৰী আৰু দক্ষিণ শালমাৰৰ উন্মুখ ভাৰত বাংলা সীমান্ত। চি আই বি এম এছ প্ৰজেক্টৰ জড়িয়তে বৰ্ল্ড কুইটৰ অথ্যাধুনিক পদ্ধতিৰে ৫০ কিলোমিটাৰ স্থল আৰু ৬০ কিলোমিটাৰ জালপথ সম্পূৰ্ণৰূপে ছিল কৰা হব। ধুবুৰী জিলাৰ বি এছ এফৰ ৱাটাৰ উইংছৰ এই অভিলাসী আঁচনিৰ শুভআৰম্ভ কৰি অবৈধ অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ বন্ধ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। বি এছ এফৰ যোগাযোগ ব্যৱস্থাপনা শাখাৰ সঞ্চালক প্ৰধান এ কে শৰ্মাই জানিবলৈ দিয়া মতে যোৱা বৰ্ষৰ অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়া এই অভিলাসী আঁচনিৰ কাম চলিত বৰ্ষৰ নভেম্বেৰ মাহৰ ভিতৰত সম্পূৰ্ন হব। এই আঁচনিৰ অন্তৰ্গত সীমান্তবৰ্তি জালপথসমূহত এক যন্ত্ৰ স্থাপন কৰা হব যাৰ জড়িয়তে সহজতে অবৈধ অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ ৰোধ কৰিবা পৰা যাব। এই আঁচনিত কেইবাশ কোটি টকা ব্যয় কৰা হব আৰু ইতিমধ্যে চৰকাৰে ৮৬ হাজাৰ কোটি টকা মোকোলাই দিছে। এই পদ্ধতিৰ ব্যৱহাৰ কৰি কন্ট্ৰল ৰুমত বহিয়েই জালপথৰ ভিতৰে বাহিৰে আৰু স্থলপথৰ সীমান্তত হোৱা যিকোনো অবৈধ গতিবিধিৰ বিষয়ে অৱগত হব পাৰিব বি এ এফে।