হাটশিঙিমাৰীত জল জীৱন আঁচনিৰ পৰ্যালোচনা সভা

In ৰাজ্য
Umra Package

হাটশিঙিমাৰী

১৬ এপ্ৰিল

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত জল জীৱন মিছনৰ কাম কাজক লৈ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ তত্বাৱধায়ক অভিযন্তা বি এম ৰয় মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰ্যালোচনা সভাখনত জল জীৱন মিছন আঁচনিৰ কাম কৰা জিলাখনৰ ঠিকাদাৰ সকল, এন জি অ আৰু মহকুমা জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে। এই সভাখনৰ জৰিয়তে মহকুমাখনৰ অধীনত ইতিমধ্যে চলি থকা জল জীৱন মিছন আঁচনিৰ কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰাৰ লগতে সমগ্ৰ জিলাত মুঠ ২৫১ টা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হয়।

আনহাতে জিলাখনত ইতিমধ্যে চৰকাৰে নিৰ্মাণ কৰা ১৯ খন বিশুদ্ধ খোৱা পানীৰ আঁচনিৰ প্ৰকল্প বিকল হৈ আছে। উক্ত বিকল খোৱা পানী যোগান আঁচনিৰ প্ৰকল্পবোৰ মেৰামতি কৰি শীঘ্ৰে ৰাইজক জল জীৱন মিছন আঁচনিৰ জৰিয়তে খোৱা পানীৰ ব্যৱস্থা কৰা হ’ব বুলি অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ তত্বাৱধায়ক অভিযন্তা বি এম ৰয় জানিবলৈ দিয়ে।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu