আজিজ আলী

নলবাৰী

১৫ এপ্ৰিল

ৰঙালী বিহুৰ ৰং মাৰ নাযাওতেই নলবাৰী জিলাত পৰিছে শোকৰ ছাঁ। নলবাৰী জিলাৰ শিমলিয়া গাঁৱৰ দাস চুবুৰীৰ ৩২ বছৰীয়া যুৱক কুমুদ দাস যোৱা পৰহি নিজৰ বাইকেৰে গৈ থকা অৱস্থাত মধুপুৰ গাঁৱৰ বৰাখাটত চাইকেল আৰোহী এজনক খুন্দা মাৰে। দুৰ্ঘটনাত চাইকেল আৰোহী জনৰ লগতে কুমুদ দাস আঘাতপ্ৰাপ্ত হৈছিল।

দুর্ঘটনাৰ পিছতে বৰাখাটৰ স্থানীয় কিছু লোকে চাইকেল আৰোহী জনক চিকিৎসালয়লৈ নিয়ে যদিও বাইক চলাই অহা যুৱক কুমুদ দাসক দুর্ঘটনাস্থলীতে এৰি যায়। ইয়াৰ পিছত প্ৰায় এঘণ্টা পিছত আৰক্ষীৰ সহযোগত কুমুদ দাসক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হয় যদিও তেতিয়ালৈকে কুমুদ দাসৰ অৱস্থা যথেষ্ট সংকটজনক হৈ পৰে আৰু বুধবাৰে কুমুদ দাস মৃত্যুবৰণ কৰে। স্থানীয় ৰাইজে অভিযোগ কৰামতে দুৰ্ঘটনাটোত সামান্যভাৱে আঘাপ্ৰাপ্ত হোৱাৰ পিছত কোনোবা দুৰ্বৃত্তই কৌশলেৰে দেহৰ বিভিন্ন অংশত আঘাত কৰি কুমুদ দাসক হত্যা কৰে। কুমুদ দাসৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল এতিয়ালৈ ওলোৱা নাই যদিও কুমুদ দাসৰ পৰিয়াল আৰু স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰি আৰক্ষী প্ৰশাসনৰ পৰা এক ন্যায়িক তদন্তৰ দাবী কৰে।

উল্লেখ্য যে কুমুদ দাস নিজ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী জনৰ মৃত্যুৰ পিছতে পৰিয়ালটোৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আহিছে। কুমুদ দাসেৰ মৃত্যুৰ খবৰে শিমলিয়া গাঁৱত শোকৰ ছাঁ পেলাইছে।