দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ২৪ এপ্ৰিল : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ বাংৰীৰচৰ গাঁৱত এটা মৃত গছৰ পৰা দুটা হাত সদৃশ সামগ্ৰী ওলোৱাক লৈ একাংশৰ মতে এয়া কংগ্ৰেছৰ হাত বুলি দাবী কৰাৰ লগতে আন একাংশই অন্ধবিশ্বাসৰ বলি হৈ বিভিন্ন মন্তব্য কৰাৰ লগতে একাংশৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে বুধবাৰে পুৱাৰ ভাগত বাংৰীৰচৰ গাঁৱত মৃত গছৰ পৰা হাত ওলোৱা বুলি বিভিন্ন লোকৰ মাজত প্ৰচাৰ হোৱাৰ পাছতেই ৰাইজৰ মাজত হৈ চৈৰ সৃষ্টি হয়। গাঁও খনৰ লগতে দূৰ দূৰণিৰ পৰা একাংশ লোক আহি গাঁওখনত উপস্থিত হৈ বিভিন্ন জনে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হয়।

ৰফিকুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা ওলোৱা এই হাত সদৃশ সামগ্ৰীটো চাই একাংশ জনে মন্তব্য কৰে যে এতিয়া নিৰ্বাচনৰ বতৰ, যাৰ ফলত এয়া কংগ্ৰেছৰ হাত। গতিকে ধুবুৰীত এইবাৰ কংগ্ৰেছ জয়ী হব। আন একাংশৰ মতে আবু তাহেৰ বেপাৰীৰ হাত এয়া। আজমলৰ ভয়ত হাত আহি গছৰ ভিতৰত সোমাইছে। ভিন্ন জনৰ ভিন্ন মন্তব্যৰ মাজতে আন একাংশই গছৰ পৰা ওলোৱা হাত সদৃশ সমগ্ৰীটোক লৈ অন্ধবিশ্বাসৰ বলি হোৱা পৰিলক্ষিত হৈছে। হাতটো সংৰক্ষিত কৰি পৰ্যটকৰ বাবে পৰ্যটনকস্থলী বনাব লাগে বুলিও একাংশ জনে মন্তব্য কৰে।

মন কৰিবলগীয়া যে ৰফিকুল ইছলামৰ মাতৃয়ে প্ৰায় এবছৰ পূৰ্বে ঘৰৰ পিছফালে থকা জুঙলী গছ এটা কাটি পেলাই দিয়ে। তাৰ পিছত প্ৰায় আঠ মাহ পিছত মহিলা গৰাকীয়ে সপোনত গছটোৰ কটা অংশত দুটা হাত আছে বুলি দেখে। সেই হাত দুখন সংৰক্ষণ কৰি ঘৰৰ ভিতৰত আনিবলৈ মহিলা গৰাকী সপোনত চোৱাৰ পাছতেই পিছদিনা পুৱা হাত দুখন উদ্ধাৰ কৰে।

আজিৰ পৰা প্ৰায় চাৰি মাহ পূৰ্বে হাত সদৃশ সামগ্ৰী দুটা উদ্ধাৰ কৰি মহিলাগৰাকীয়ে সামগ্ৰী দুটা লুকুৱাই ৰাখে। কিন্তু এই খবৰ এজন এজনকৈ বহুত কেইজন লোক অৱগত হয়। ফলত ঘৰখনত ভীৰ হবলৈ ধৰে। উপায়ন্তৰ হৈ মহিলা জনীয়ে যিখন গছৰ কুণ্ডাৰ পৰা হাত সদৃশ সামগ্ৰীটো উদ্ধাৰ কৰিছিল সেইখন গছতে আজি পুৱাৰ ভাগত থৈ দিছে। ফলত স্থানীয় ৰাইজৰ লগতে জিলাখনৰ প্ৰতিটো প্ৰান্তত গছৰ পৰা কংগ্ৰেছৰ হাত ওলোৱা বুলি বাতৰি বিয়পি পৰাত ৰাইজে এইদৰে ভীৰ কৰা পৰিলক্ষিত হয়।