হোজাই, সংবাদ ৩৬৫, ১৫ জুনঃ ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত। বছৰৰ প্ৰথমটো বানে ৰাজ্যত সৃষ্টি কৰিছে তাণ্ডৱ। হোজাই জিলাত কপিলী নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰাত প্লাৱিত হৈ পৰিছে জিলাখনৰ কেইবাখনো গাঁও। কপিলীৰ পানীয়ে দুটাকৈ নিৰ্মীয়মান মথাউৰি ছিঙি পেলোৱাত নেপালীখুটি, হাতিমুৰা, তৰাডুবি আৰু কেন্দ্ৰগুৰিৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত। পশ্চিম কাৰ্বি আংলঙ-হোজাই সংযোগী একমাত্র গড়কপ্তানি পথটিৰ ওপৰেদি কপিলী নদীৰ বাঢ়নী পানী বাগৰাত দুয়োখন জিলাৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। জিলাখনত কপিলী আৰু ডিমুৰু নদীৰ পানী ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত বিভিন্ন অঞ্চল বানৰ কবলত পৰাৰ লগতে বানত আবদ্ধ হৈ পৰিছে কেইবা হাজাৰ লোক। জিলাখনৰ বিভিন্ন অঞ্চলত বানত আবদ্ধ হৈ থকা ৰাইজ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত কৰি বানাক্ৰান্ত ৰাইজ ক্ষোভিত হৈ পৰিছে। বৰ্তমান হোজাইত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।