হোজাই, সংবাদ ৩৬৫, ১৬ জুনঃ বছৰৰ প্ৰথমটো বানে ৰাজ্যত তাণ্ডৱৰ সৃষ্টি কৰিছে। ৰাজ্যৰ ৭ খনকৈ জিলাৰ লগতে হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ফৰমাৰ অঞ্চলত বান পানীৰ ভয়াবহ পৰিস্থিতি সৃষ্টি কৰিছে। জানিব পৰা মতে জিলাখনৰ কেইবাখনো গাঁৱৰ লগতে লংকাৰ থাইচুবালী, উত্তৰ লস্কৰ পথাৰ, ফৰমাৰপাৰ, দৰ্জিছিট, জমোনাচিট, দক্ষিণ লস্কৰ পথাৰকে ধৰি বহু কেইখন গাঁও বান পানীত ডুব গৈছে। জিলাখনত বান পানীৰ কবলত পৰা গাঁও সমূৰ শতাধিক পৰিয়ালৰ লোক পথৰ ওপৰত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। বানাক্ৰান্ত ৰাইজ নিজৰ আশ্রয়স্থল হেৰুৱাৰ লগতে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠান পানীৰ তলত ডুব যোৱাৰ লগতে কেইবাটাও বাসগৃহ উটুৱাই লৈ যায় পানীৰ প্ৰবল সোঁতে। জিলাখনৰ বানাক্ৰান্ত ৰাইজে অভিযোগ উত্থাপন কৰিছে যে বান পানীয়ে জিলাখৰ কেইবাটাও অঞ্চলত তাণ্ডৱ সৃষ্টি কৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে যদিও বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজে কোনো সহায় লাভ কৰা নহয়। বানাক্ৰান্ত ৰাইজে জিলাখনত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক অনিয়মৰ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে।