কুন্দন ভৰালী

নগাঁও

৩০ জুলাই

হয়বৰগাঁও আৰক্ষী জালত পৰিল দুই গভাইত চোৰ। চোৰ দুটাৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সোণৰ গহনা, লেপটপৰ লগতে মোবাইল ফোন। এজাহাৰ দাখিলৰ ২৪ ঘণ্টাৰ ভিতৰত চোৰক আটক কৰিবলৈ সক্ষম হয়বৰগাঁও আৰক্ষী।

বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁৱৰ গৌৰৱ উপাধ্যায় নামৰ এজন লোকৰ ঘৰত চোৰে চলাইছিল লুটপাত। চোৰৰ দলটোৱে গৌৰৱ উপাধ্যায়ৰ ঘৰত লুটপাত চলাই লুটি নিছিল সোণৰ গহনাকে ধৰি বহু সমগ্রী। ঘটনা সংক্ৰান্তত হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল হোৱাৰ পিছতে আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমান তৎপৰতা দেখুৱাই ২৪ ঘণ্টাৰ ভিতৰত আটক কৰিলে দুই চোৰক। ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত হয়বৰগাঁও আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে অভিযান চলাই নগাঁৱৰ চলচলিৰ পৰা আটক কৰে দুই গভাইত চোৰ চাদ্দাম হুছেইন আৰু মইনুল হকক।

গৌৰৱ উপাধ্যায়ৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চোৰ দুটাক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি সামগ্ৰী। সোণৰ গহনা, লেপটপৰ লগতে চুৰি হোৱা মোবাইল ফোনও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।