ফজলুৰ ৰহমান

সোণতলী

৩০ জুলাই

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বানপানীয়ে প্ৰাণ ল’লে আৰু এটি শিশুৰ। ঘৰত খেলি থকা অৱস্থাত বাঢ়নী পানীয়ে প্লাবিত কৰি ৰখা চোতালৰ পানীত পৰি প্ৰাণ গ’ল চাৰি বছৰীয়া শিশুৰ।

ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালে কামৰূপ জিলাৰ সোণতলীৰো বিস্তীৰ্ণ অঞ্চল বৰ্তমানেও ডুব গৈ আছে বাঢ়নী পানীৰ তলত। যোৱা কিছুদিন ধৰি অঞ্চলটোৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়া বহু লোকৰ ঘৰৰ চোতালত আছে এক আঁঠু পানী। বৃহস্পতিবাৰে চোতাল এক আঁঠু পানীয়ে কাল হল এটি চাৰি বছৰীয়া শিশুৰ বাবে। এক আঁঠু পানীতে পৰি এটি চাৰি বছৰীয়া শিশুৰ সলিল সমাধি। সোণতলীৰ সেলেসুঁতি গাঁৱৰ কাঞ্চু মিয়া আৰু ৰুকীয়া খাতুনৰ চাৰি বছৰীয়ে কন্যা মেৰিনা খাতুন ঘৰৰ চোতালত খেলি থকা অৱস্থাত নিখোজ হৈ পৰে। পৰিয়ালৰ কন্যা শিশুটিক বহু সময়লৈকে দেখা নাপাই বিচাৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত শিশুটিৰ চেনেণ্ডেল চোতালৰ পানীত উপঙি থকাত দেখি পৰিয়ালৰ লোকে শিশুটি পানীত পৰাৰ সন্দেহ কৰি পানীৰ মাজত শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে আৰু কিছু সময় পিছত পানীৰ মাজৰ পৰা শিশুটিক উদ্ধাৰ কৰে। শিশুটিত উদ্ধাৰ কৰি পৰিয়াল লোকে শিশুটিক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা-নিৰিক্ষা কৰি শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

মৃত্যু শিশুটিক সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে। শিশুটিৰ মৃত্যুৰ পিছত বানপানীৰ ফলত চলিত বছৰত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৮ লৈ বৃদ্ধি পাইছে।