দৰং

১ ছেপ্টেম্বৰ

হৰিণাৰ মাংস বিক্ৰী কৰি বন বিভাগৰ হাতত ধৰা পৰিল চাৰিজন। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কতাশালী আৰু চান্দনপুৰ বন শিবিৰত হৰিণাৰ মাংস বিক্ৰী কৰি বন বিভাগৰ হাতত ধৰা পৰিল মহম্মদ নিজামুদ্দীন আলী, মহম্মদ আব্দুৰ ৰহমান, মহম্মদ আলী আহমেদ আৰু মহম্মদ নেকিবুৰ আলী নামৰ চাৰিজন লোক।

মঙলবাৰে পুৱাৰ ভাগত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীয়ে উদ্যানখনৰ কতাশালী আৰু চান্দনপুৰ বন শিবিৰত হৰিণাৰ মাংস বিক্ৰী কৰি অৱস্থাত চাৰিজনকৈ লোকক আটক কৰে। বন কৰ্মীৰ দলে হৰিণাৰ মাংসসহ দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বগৰিবাৰী গাঁৱৰ মহম্মদ নিজামুদ্দীন আলী, মহম্মদ আব্দুৰ ৰহমান, মহম্মদ আলী আহমেদ আৰু মহম্মদ নেকিবুৰ আলী নামৰ লোক চাৰিজনক আটক কৰিবলৈ সক্ষম হয় যদিও হৰিণাৰ মাংস বিক্ৰী কৰাৰ ঘটনাৰ লগত জড়িত তিনিজন লোক পলাই যাবলৈ সক্ষম হয়। জানিবলৈ পোৱা মতে মঙলবাৰে পুৱা প্ৰায় ৪ মান বজাত হৰিণা এটাক হত্যা কৰা হৈছিল। বন বিভাগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ হৰিণাৰ মাংস জব্দ কৰাৰ লগতে ঘটনাৰ লগত জড়িত চাৰিজনক আটক কৰে।

উল্লেখ্য যে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অনুসৰি হৰিণাৰ চিকাৰ আৰু হত্যা কৰা আইন মতে দণ্ডনীয়। হৰিণা চিকাৰ আৰু হত্যাৰ লগত জড়িত ব্যক্তিৰ তিনি বছৰ কাৰাবাসৰ লগতে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে।