মুল অভিযুক্ত আজিও মুক্ত আকাশৰ তলত কিয়ঃ পপুলাৰ ফ্ৰন্ট

আনন্দ বজাৰ, ২ মে’ : ২ মে’ তাৰিখটো অসমৰ ইতিহাসৰ এক কলংকিত দিন। কিয়নো ২০১৪ চনৰ এই দিনটোতেই অসমৰ বিটিএডি অঞ্চলৰ অন্তর্গত বাক্সা জিলাৰ নাৰায়ণগুৰি আৰু কোকৰাঝাৰ জিলাৰ বালাপাৰা নামৰ ঠাইত অর্ধশতাধিক নিৰীহ মুছলমান লোকক বড়ো আততায়ীয়ে নির্বিচাৰে গুলিয়াই হত্যা কৰিছিল। এই নাৰকীয় ঘটনাৰ আগদিনাখন অর্থাৎ ১ মে’ তাৰিখে বাক্সা জিলাৰ নৰসিংবাৰীতো বড়ো উগ্রপন্হীয়ে তিনিজনকৈ নিৰীহ লোকৰ প্রাণ কাঢ়ি লৈছিল। ২ মে’ত নাৰায়ণগুৰিৰ ওচৰৰ ননকে খাগ্রাবাৰী নামৰ এটা অতি ভিতৰুৱা গাঁওত দিন দুপৰতে মানাহ ৰাষ্ট্রীয় উদ্যানৰ বনকর্মীৰ সহযোগত বড়ো উগ্রপন্হীয়ে নির্বিচাৰে গুলীচালনা কৰে আৰু ঘৰ দুৱাৰ জ্বলাই দিছিল ৷ শাসনৰ গাদীত থকা কংগ্ৰেছ চৰকাৰে এইবোৰৰ কোনো সুবিচাৰ কৰা দেখা নগল৷ নিৰীহৰ তেজেৰে ফাকু খেলা নৰপিশাচহতৰ প্রতি চৰকাৰ তথা প্রশাসনৰ নৰম স্থিতিৰ বাবেই নাৰায়ণগুৰি আৰু বালাপাৰাৰ দৰে নাৰকীয় কাণ্ড হ’বলৈ পালে। চৰকাৰৰ চৰম উদাসীনতাৰ বাবেই ঘটনাৰ দুবছৰ অতিক্ৰম কৰাৰ পিছতো এনে নাৰকীয় ঘটনাৰ লগত জড়িত প্রকৃত অপৰাধী এতিয়াও মুক্ত আকাশৰ তলত। ঘটনাৰ মুল অভিযুক্ত তদানিন্তন বাহঁবাৰী ৰেঞ্জৰ বন বিষয়া আজিও কোকৰাঝাৰত মুক্তভাৱে বিচৰণ কৰি আছে ৷ ‘নিয়া’ৰ দৰে তদন্তকাৰী সংস্থায়ো এতিয়ালৈকে বিশেষ একো অগ্রগতি লাভ কৰিব নোরাৰিলে। কিন্তু কিয় এই বৈষম্য এই ভুক্তভোগীসকলৰ প্রতি? ভাৰতীয় ন্যায়ব্যবস্থাই কিয় ন্যায় দিব নোরাৰে এইসকল ভুক্তভোগী জনতাক ? আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে ক্ষোভ ব্যক্ত কৰে পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে ৷ আজি পুৱাৰ ভাগত পপুলাৰ ফ্ৰন্টৰ বাক্সা জিলাৰ সভাপতি ছাইদুৰ ৰহমান আৰু সম্পাদক জামাল উদ্দিন মিৰ্ধাৰ নেতৃত্বত এটি সজাতি দল নাৰায়ণগুৰিৰ সেই ঘটনাস্থলীত উপস্থিত হৈ নিহত সকলৰ মাগফিৰাতৰ বাবে সমুহীয়া দোৱা কৰে ৷ ফ্ৰন্টৰ ৰাজ্যিক সদস্য জাকিৰ হুছেইনেও উক্ত দোৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি অতি শীঘ্ৰে অপৰাধীসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ আৰু আজিলৈকে সন্ধানহীন হৈ থকা ৰাশিদুল ইছলাম আৰু সাহিনুৰ ইছলাম নামৰ শিশু দুটিক মৃত ঘোষনা কৰি পৰিয়াললৈ উচিত ক্ষতিপুৰণ দিবলৈ সৰ্বানন্দ সোনোৱাল চৰকাৰক আহ্বান জনায়৷ ফ্ৰন্টৰ সভাপতি আৰু সম্পাদকেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, ৰাজনৈতিক পাশাখেলৰ বলি হোৱা এই দুর্ভগীয়া তথা ভুক্তভোগী জনতাই ন্যায় পাবনে ? শাস্তি পাবনে সেই নৰপিশাচহঁতে ? চৰকাৰে এইবোৰ প্ৰশ্নৰ উত্তৰ ৰাইজক দিবই লাগিব বুলি কঠোৰ সকিয়নি প্ৰদান কৰে৷