ৰঙিয়া, সংবাদ ৩৬৫, ২৫ জুলাই: যোৱা এমাহৰ ভিতৰত ৰঙিয়া ষ্টেচনত মানব সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা আৰ পি এফে উদ্ধাৰ কৰিছে প্ৰায় ৫৫ জনতকৈ জনকৈ অধিক শিশু, কিশোৰ, যুৱতী আৰু মানব সৰবৰাহকাৰীত জড়িত ৬ জনক আটক কৰিছে । শেহতীয়াভাৱে আৰ পি এফৰ তদন্তত ওলাই পৰা এক ভয়ংকৰ তথ্য অনুসৰি মানব সৰবৰাহকাৰীৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে ৰঙিয়া ৰেল জংচন । মানৱ সৰবৰাহকাৰী চক্ৰই অসমৰ শিশু, কিশোৰ-কিশোৰী, যুৱতীক বহিঃৰাজ্যত সৰবৰাহ কৰে । দৰিদ্ৰতাৰ সুযোগ লৈ এনেদৰে শিশু, কিশোৰ-কিশোৰী, যুৱতীক মানৱ সৰবৰাহকাৰী চক্ৰই বহিঃৰাজ্যত কামৰ প্ৰলোভনেৰে বিক্ৰী কৰি আহিছে । বিশেষকৈ ধেমাজি, শোণিতপুৰ, ঢ়েকিয়াজুলি, দৰংগামেলাৰ দৰিদ্ৰ পৰিয়ালৰ শিশু, কিশোৰ-কিশোৰী, যুৱতীক টাৰ্গেট হিচাপে বাচি লৈছে মানব সৰবৰাহকাৰী চক্ৰই । বহিঃৰাজ্যত নি এই সকল ভিতৰৰ কিশোৰী-যুৱতীক নিয়োগ কৰে দেহ ব্যৱসায়ত । বহিঃৰাজ্যত কামৰ প্ৰলোভনেৰে নি তাত সম্পূৰ্ণ বিপৰীত কু-কৰ্মত লিপ্ত কৰে । উভতি আহিব বিচাৰিলেও বাধা প্ৰদান কৰা হয় । আনকি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হয় কিশোৰী-যুৱতীক । উপায় বিহীন কিশোৰী-যুৱতীয়ে মৰণক শৰণ দি অনিচ্চা স্বত্বেও তেনেধৰণৰ অপ কৰ্মত লিপ্ত হবলৈ বাধ্য হয় । প্ৰতিদিনে তহলদাৰী আৰ পি এফে অভিযান চলাই আহিছে যদিও কেতিয়াবা আৰ পি এফৰ চকুত ধুলি দি পলায়ন কৰে মানব সৰবৰাহকাৰী চক্ৰ ।