গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুলাই: ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত চলিছে বেআইনী কাৰ্য্য। এইবাৰ  গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা উৎকোচ লৈ পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক অৰূপজ্যোতি দেৱশৰ্মাক যোৱাকালি নাৰেংগী তিনিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে । উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ জল নুৰুদ্দিন আহমেদে এক ফে’চবুক পোষ্টযোগে বিশ্ববি্দ্যালয়খনত ধনৰ বিনিময়ত কোনো ‘বেক’ থকা বিষয়ত উত্তীৰ্ণ কৰাই দিয়াৰ ব্যৱস্থা আছে বুলি প্ৰচাৰ কৰিছিল। ইয়াৰ পিছতেই বিগত ২৪ জুনত পানীখাইতী আৰক্ষী চকীত এগৰাকী ছাত্ৰীয়ে ১৩৩/১৮ নং গোচৰ তৰে। ইয়াৰ ভিত্তিতেই বিশ্ববিদ্যালয়খনৰ পৰীক্ষা উপ-নিয়ন্ত্ৰকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।