তেজপুৰ, সংবাদ ৩৬৫, ২৪ জুনঃ ৰজাপথৰ দুৰৱস্থাই ৰাইজক প্ৰতিবাদ কৰিবলৈ নমালে ৰাজপথত৷ পথ নিৰ্মানৰ দাবীত ৰাজপথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ অতি ভিতৰুৱা অঞ্চল তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুনবিল-কলনী হৈ ৰঙাপৰা সংযোগী পথৰ দূৰৱস্থাই ৰাইজক জলা কলা খুৱাই আহিছে। অতি কন্দৰ্যময় পথছোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অতি কষ্ঠৰ মাজেৰে যাতায়ত কৰিব লগীয়া হৈছে৷ স্বাধীনতাৰ পাছৰে পৰা অঞ্চলবাসী ৰাইজে এটি পকী পথৰ দাবী কৰি অহিছে যদিও স্থানীয় বিধায়ক আৰু সাংসদ গৰাকীয়ে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণ গুৰুত্ব প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ দেওবাৰে পথছোৱাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ জামুনবিল, কলনী, ফৰেষ্ট গেট উৰহিলগাকে ধৰি কেইবাখনো গাঁৱৰ একমাত্ৰ সংযোগী পথছোৱা বাৰিষা কালত বোকাময় হৈ পৰাত পথছোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে মৰনক সৰন দি বোকা মাটি গছকি পাৰ হ’বলগীয়া হয়৷ পথছোৱাৰ অৱস্থা ইমানে বেয়া যে বাৰিষা কালত এম্বুলেন্স সেৱাটো বাদেই পথচাৰীয়েও খোজ কাঢ়ি যাব নোৱাৰে৷ নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভোটৰ লাভৰ আশাৰে গাঁও কেইখনৰ সংযোগী একমাত্ৰ পথছোৱা পকীকৰণৰ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয় হোৱাৰ পিছত জনপ্ৰতিনিধিজনে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পাহৰি যায়। যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি থকা ৰাইজে ৰাজ্যৰ গঢ়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক আৰু সাংসদ গৰাকীয়ে অতিশীঘ্ৰে পথছোৱা পকী কৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত ল’ব বুলি সকীয়াই দিয়ে৷