গুৱাহাটী, সংবাদ ৩৬৫, ১০ মে’ : অসমৰ ৰাজহুৱা খণ্ডৰ দুটা উদ্যোগ, হিন্দুস্তান কাগজ নিগমৰ মৰিগাঁও জিলাৰ জাগীৰোড আৰু কাছাৰৰ পাছগ্ৰামত থকা কাগজ কল দুটা ২০১৭ আৰু ২০১৫চনৰ পৰা বন্ধ হৈ আছে । ইয়াৰ ফলত এই দুটা কাগজকলত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিক,কৰ্মচাৰী, বিষয়াকে ধৰি কাগজ কল দুটাৰ ওপৰত প্ৰত্যক্ষ সৰু পৰোক্ষভাৱে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা প্ৰায় দুই লাখ মানুহ অভাৱনীয় ভাৱে আৰ্থিক সংকটৰ সন্মুখীন হৈ আছে ।

আৰ্থিক সংকটে ইতিমধ্যে ৫৫ গৰাকী শ্ৰমিক,কৰ্মচাৰীৰ প্ৰাণ কাঢ়ি লৈছে। কেইবাজনেও আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত চৰম উদাসীনতা আৰু নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে । প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিল্পমন্ত্ৰীৰ এই দুটা উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ সকলো আশ্বাস ফুটুকাৰ ফেনত পৰিণত হৈছে । ইয়াৰোপৰি কাগজকলৰ শ্ৰমিক,কৰ্মচাৰী, বিষয়াৰ বকেয়া দৰমহা প্ৰদানৰ বাবে যি ৯০ কোটি টকা আবন্টিত হৈছিল সেয়াও ৰাজ্য চৰকাৰে অইন শিতানত খৰছ কৰা বুলি অভিযোগ উঠিছে ।

উক্ত কাগজ কল দুটা পুনৰুজীৱিত কৰিবলৈ চি পি আই এমে দাবী জনোৱাৰ লগতে কৰ্মচাৰীসকলৰ বকেয়া দৰমহা আৰু কাগজ কল দুটা পুনৰুজীৱিত নোহোৱালৈকে শ্ৰমিক,বিষয়া,কৰ্মচাৰীলৈ বিনামূলীয়া খাদ্যসামগ্ৰী যোগান ধৰাৰ লগতে তেওঁলোকৰ লৰা-ছোৱালীৰ শিক্ষা আৰু পৰিয়ালৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি দাবী জনায় ।