গুৱাহাটী, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে সোমবাৰে তথ্য আৰু জনসংযােগ বিভাগৰ সৌজন্যত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়ােজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে ৰূপায়ণ কৰা অসমৰ অৱসৰপ্ৰাপ্ত ২০ গৰাকী সাংবাদিকলৈ পেঞ্চন পত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগৰ দ্বাৰা ৰূপায়িত ‘দ্যা আসাম পেঞ্চন স্কীম ফৰ জাৰ্ণেলিষ্ট’ আঁচনিৰ অধীনত ২০ গৰাকী সাংবাদিকলৈ প্ৰতিমাহে ৮ হাজাৰ টকাকৈ পেঞ্চন প্ৰদানৰ আনুষ্ঠানিক পত্ৰ প্ৰদান কৰা হয়। পেঞ্চন লাভ কৰা অৱসৰপ্ৰাপ্ত সাংবাদিক সকল হ’ল ক্ৰমে কৃষ্ণ চন্দ্ৰ কলিতা, ৰমা শংকৰ ৰায়, ৰত্নেশ্বৰ তালুকদাৰ, দ্বীপেন দত্ত, দেবেন্দ্ৰ কুমাৰ পাণ্ডে, গােৱৰ্দ্ধন প্রসাদ অটল, নিৰুপমা বৰা, প্রমােদ কুমাৰ সিংহ, পবিত্র গগৈ, প্ৰকাশ কুমাৰ ঝা, ধৰণী কলিতা, উদয়ন বিশ্বাস, ভক্তি ৰয়, গর্গ ৰাম বৰ্মন, প্রবােধ চন্দ্ৰ বৰদলৈ, অমল কুমাৰ গুপ্তা, কেশৱ কলিতা, অজিৎ কুমাৰ পাটোৱাৰী, গীতাৰ্থ পাঠক আৰু বিনয় ভূষণ সেন। অৱৰপ্রাপ্ত সাংবাদিক সকললৈ পেঞ্চন পত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে কয় যে সাংবাদিক সকলক মানুহৰ চেতনা জাগ্ৰত কৰা অতন্দ্ৰ প্ৰহৰী বুলি কোৱা হয়।সাংবাদিক সকলে বিবেকৰ ভূমিকা লৈ আহে বুলি উল্লেখ কৰি দেশ তথা সমাজৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰা এই সাংবাদিকসকলৰ বাবে পেঞ্চন প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে কয়। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সংবাদ কর্মীসকলৰ বাবে বহু সংখ্যক কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আছে বুলি উল্লেখ কৰি আগন্তুক দিনসমূহতাে সাংবাদিক সকলৰ কল্যাণৰ দিশত বিশেষ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি তেওঁ কয়। ‘সাপ্তাহিক জনমভূমি’ কাকতৰ প্ৰাক্তন সম্পাদক মনােৰম বৰুৱাৰ অসুস্থতাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে এই গৰাকী সাংবাদিকক পেঞ্চন অথবা এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলিও ভাষণ প্রসংগত কয়। অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰি তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক ৰাজীৱ প্রকাশ বৰুৱাই কয় যে ৰাজ্য চৰকাৰে সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰৰ সাংবাদিক সকলে যাতে চৰকাৰী আঁচনিৰ সা সুবিধা লাভ কৰিব পাৰে তাৰ বাবে সঞ্চালক গৰাকীয়ে সাংবাদিক সকলৰ পৰা সহায় সহযােগিতা কামনা কৰে।
অনুষ্ঠানত তথ্য আৰু জনসংযােগ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনেও ভাষণ প্রদান কৰে। অনুষ্ঠানত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী সকলৰ লগতে তথ্য আৰু জনসংযােগ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।