ৰঙিয়া, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ  বাক্সা জিলাৰ তামুলপুৰত বজৰংগ দলে সোমবাৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে। তামুলপুৰ মহকুমাৰ বিভিন্ন পথেৰ অবৈধ ভাবে মহলপৰা শিল বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰ, ট্ৰেক্টৰ গধুৰ যান বাহন চলাচল বন্ধ কৰাৰ দাবীত এই অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে বাজৰং দলে। বাক্সা জিলা আৰু ৰঙিয়া জিলা বজৰংগ দলৰ কৰ্মীসকলে তামুলপুৰৰ মটঙা চকত টায়াৰ জ্বলাই পথ অবৰোধ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ঘাইপথতটোত তীব্র যান যতৰ সৃষ্টি হয়৷ পথ অবৰোধকাৰী সকলে অবৈধ ভাৱে চলাচল কৰা ট্ৰাক, ডাম্পাৰৰ চলাচল বন্ধ কৰক, দূৰ্ঘটনা ৰোধ কৰক, তামুলপুৰ প্ৰশাসন মূর্দাবাদ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পৰিস্থিতি অতি তীব্ৰ হোৱাত অবৰোধস্থলীত তামুলপুৰ মহকুমাধিপতি উপস্থিত হৈ প্ৰতিবাদ কাৰীক অতি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়াত অবৰোধ প্ৰত্যাহাৰ কৰা হয়৷ উল্লেখ্য যে বিগত দিনকেইটাত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু ডাম্পাৰৰ খুণ্ডাত বহু কেইজন লোক গুৰুতৰ ভাবে আহত হোৱাৰ লগতে বহু কেইজন লোক নিহত হৈছে।