ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱ

In ৰাজ্য
TheChocolateRoomTezpur

নিউজ ডেস্ক

১৪ জানুৱাৰী

উৰুকাৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱৰ। চামগুৰি আৰু সোণাৰিত উৰুকাৰ নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সমান্তৰালে বিশ্বনাথত হাতীয়ে সন্ত্ৰাস চলাই গছকি হত্যা কৰিলে মাউতক।

ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ। উৰুকাৰ নিশা নগাঁও জিলাৰ চামগুৰিৰ ভৰাগুৰিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে ১নং ভৰাগুৰিৰ চাৰিজনকৈ লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গছকি মাৰে এটা ভেড়া ছাগলী। ইফালে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে দুই সন্তানসহ প্ৰণতি বিশ্বাস নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ। স্থানীয় ৰাইজে নিশাই বন বিভাগকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰে। চামগুৰিৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো উৰুকাৰ নিশা তাণ্ডৱ চলায় বনৰীয়া হাতীৰ জাকে। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি টাওকাক চাহ বাগিচাৰ বিহাৰী লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে টুলটুল আলী আৰু ৰাজু আলী নামৰ দুজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

ইফালে বিভিন্ন সময়ত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত দেখিবলৈ পোৱা বিশ্বনাথত পুনৰ বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গ’ল হাতীৰ তাণ্ডৱ। বিশ্বনাথ চাৰিআলিৰৰ পানীভৰালৰ ভাতিখোলাত হাতীয়ে সন্ত্ৰাস চলোৱাৰ ফলত স্তব্ধ হৈ পৰে বিশ্বনাথঘাট পথত যাতায়ত ব্যৱস্থা। হাতীটোৰ আক্ৰমণত এজন লোক নিহত।হোৱা বুলিও জানিব পৰা গৈছে। আহমেদ আলী নামৰ মাউতক হাতীটোৱে গছকি হত্যা কৰে৷

You may also read!

জেৰেঙা পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শিৱসাগৰ  ১৯ জানুৱাৰী জেৰেঙা পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মঙলাবাৰে বিয়লিৰ ভাগত জেৰেঙা পথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পৰ্যবেক্ষণ কৰিলে প্ৰধানমন্ত্ৰী

Read More...

বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান

কুন্দন ভৰালী নগাঁও ১৯ জানুৱাৰী বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান। অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু

Read More...

তিনিচুকীয়াত শগুণৰ অস্বাভাৱিক মৃত্যু

তিনিচুকীয়া ১৯ জানুৱাৰী তিনিচুকীয়াত শগুণৰ অস্বাভাৱিক মৃত্যু। তিনিচুকীয়া জিলাৰ তালাপত ৩০ টাতকৈও অধিক শগুণৰ অস্বাভাৱিক মৃত্যু হৈছে। স্থানীয় প্ৰকৃতি প্ৰেমী সংগঠনৰ

Read More...

Mobile Sliding Menu