নিউজ ডেস্ক

১৪ জানুৱাৰী

উৰুকাৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱৰ। চামগুৰি আৰু সোণাৰিত উৰুকাৰ নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সমান্তৰালে বিশ্বনাথত হাতীয়ে সন্ত্ৰাস চলাই গছকি হত্যা কৰিলে মাউতক।

ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ। উৰুকাৰ নিশা নগাঁও জিলাৰ চামগুৰিৰ ভৰাগুৰিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে ১নং ভৰাগুৰিৰ চাৰিজনকৈ লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গছকি মাৰে এটা ভেড়া ছাগলী। ইফালে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে দুই সন্তানসহ প্ৰণতি বিশ্বাস নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ। স্থানীয় ৰাইজে নিশাই বন বিভাগকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰে। চামগুৰিৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো উৰুকাৰ নিশা তাণ্ডৱ চলায় বনৰীয়া হাতীৰ জাকে। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি টাওকাক চাহ বাগিচাৰ বিহাৰী লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে টুলটুল আলী আৰু ৰাজু আলী নামৰ দুজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

ইফালে বিভিন্ন সময়ত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত দেখিবলৈ পোৱা বিশ্বনাথত পুনৰ বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গ’ল হাতীৰ তাণ্ডৱ। বিশ্বনাথ চাৰিআলিৰৰ পানীভৰালৰ ভাতিখোলাত হাতীয়ে সন্ত্ৰাস চলোৱাৰ ফলত স্তব্ধ হৈ পৰে বিশ্বনাথঘাট পথত যাতায়ত ব্যৱস্থা। হাতীটোৰ আক্ৰমণত এজন লোক নিহত।হোৱা বুলিও জানিব পৰা গৈছে। আহমেদ আলী নামৰ মাউতক হাতীটোৱে গছকি হত্যা কৰে৷