মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৭ জুনঃ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰাণীত বিশুদ্ধ খোৱা পানীৰ বাবে নিতৌ জীয়াতু ভুগিৱ লগিয়া হৈছে ৰাইজ। চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত কেইবাবছৰ ধৰি পাহাৰৰ নিজৰাৰ পানী খাৱ লগীয়া হৈছে। ২০০৭ চনতেই স্থাপন কৰা ৰাণীৰ জয়ন্তীপুৰস্থিত মৈৰাপুৰ গ্ৰেণ্ট পানী যোগান আঁ‌চনি নামেৰে চৰকাৰে কেইবা লাখ টকা ব্যয় কৰা পানী যোগান কেন্দ্ৰটো বিগত কেইবা বছৰ ধৰি বিকল হৈ থকাত ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক লিখিতভাৱে অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ নকৰাত এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে অঞ্চলবাসী ৰাইজ। ৰাইজে উক্ত অঞ্চলটোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাঠক উপাধিৰ এগৰাকী অভিযান্তাক মাতি আনি পানী যোগান কেন্দ্ৰটোৰ দুৰাৱস্থাৰ বিষয়ে অৱগত কৰিছিল যদিও অভিযান্তা পাঠকে উক্ত স্থানৰ মাটিৰ তলত পানীৰ স্তৰ নাই বুলি মন্তব্য প্ৰকাশ কৰি দায়িত্ব সামৰে।লক্ষণীয়ভাৱে পানী যোগান কেন্দ্ৰটোৰ একেবাৰে কাষতে থকা ৰাজ্যিক পশুপালন আৰু প্ৰশিক্ষণ কেন্দ্ৰত পাইব বহুৱাই পৰ্যাপ্ত পানী লাভ কৰিবলৈ সক্ষম হোৱাত ৰাইজে উত্থাপন প্ৰশ্ন উত্থাপন কৰিছে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰত পানী উত্তোলনৰ বাবে ১০০০-১২০০ ফুট মাটিৰ তললৈ পাইপ বহুওৱাৰ বিপৰীতে পানী যোগান কেন্দ্ৰটোত মাত্ৰ ৩৫০ ফুটলৈ তললৈ পাইপ বহুৱাই পানীৰ স্তৰ নোহোৱা বুলি উল্লেখ কৰাটো আভুৱা ভাঁ‌ৰাৰ বাদে অইন একো নহয় বুলিও ৰাইজে অভিযোগ কৰে। উপায়ন্তৰ হৈ জয়ন্তীপুৰ ৰাইজে মঙলবাৰে পানী যোগান কেন্দ্ৰটোত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় তিনিশতাধিক প্ৰতিবাদ কাৰীয়ে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা মুৰ্দাবাদ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ কথা কৈ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰা বিধায়ক কলিতাক এই প্ৰতিবাদ স্থলীৰ পৰাই কঠোৰ শকিয়নী প্ৰদান কৰি ৰাইজে কয় যে অতি শীঘ্ৰে যদি অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰে তেন্তে অনাগত দিনত বিধায়ক গৰাকী উক্ত অঞ্চলত প্ৰৱেশ কৰিলে যিকোনো পৰিস্থিতিৰ সম্মুখীন হ’ব লাগিব বুলি কঠোৰ শকিয়নী প্ৰদান কৰে।