গুৱাহাটী, সংবাদ ৩৬৫, ৩ মে’ : বিশ্বৰ সমগ্ৰ দেশতে আজি ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে উদযাপন কৰা হৈছে ।সেই উপলক্ষে ইণ্ডিয়ান ফেডাৰেশ্যন অফ আন এছোচিয়েচন এণ্ড ইউনাইটেড নেচনছ এছোচিয়েচন ,অসমে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে ।

সংবাদমেলত ইণ্ডিয়ান ফেডাৰেশ্যন অফ আন এছোচিয়েচন এণ্ড ইউনাইটেড নেচনছ এছোচিয়েচন ,অসমে কয় যে এশখনৰো অধিক দেশত ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে উদযাপন কৰা হৈছে। সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলৰ কৰ্তব্যৰ প্ৰতি আৰু সন্মানৰ বাবে উপলব্ধি কৰিবৰ বাবে আজিৰ দিনটোত” ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে” বিশেষভাৱে পালন কৰিবলৈ লোৱা হৈছে।

সংবাদ মাধ্যমসমূহ আৰু সংবাদকৰ্মীসকলে সমাজৰ গাঁথনিৰ বাবে গণতন্ত্ৰৰ সপক্ষে ৰাইজৰ হৈ মাত মাতি গৈছে আৰু আমাৰ গণতান্ত্ৰিক অধিকাৰসমূহক চৰকাৰৰ ওচৰলৈ আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে সংবাদমাধ্যম আৰু সংবাদ কৰ্মীসকলৰ প্ৰতি সন্মান আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰি এই “ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে” উদযাপন কৰা হৈছে।