যোৰহাট, ১৪ এপ্ৰিলঃ বিহুৰ আনন্দ উৎসৱৰ মাজত আজি সমগ্ৰ ৰাজ্য মচগুল৷ গাঁও,চহৰ সকলোতে বিহু আদৰাক লৈ ব্যাপক প্ৰস্তুতি৷ পুৱাৰে পৰা গৰু নোওঁৱা-ধোওঁৱাত, আলহীক আপ্যায়িত কৰাত পুৰুষ-মহিলা সকলো ব্যস্ত৷ এই আনন্দ-উৎসাহৰ মাজত আজি বিহুৰ দিনটোত অসমীয়া নতুন বৰ্ষক ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে যোৰহাটৰ কবিৰাজ, চিকিৎসক তৰুণ হাজৰিকাই৷ হাজৰিকাই আজি আনন্দ-উল্লাসৰ পৰিবৰ্ত্তে অনাথ শিশুৰ মাজত বস্ত্ৰ আৰু জলপান বিতৰণ কৰি মানৱীয়তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ যোৰহাটৰ দ-গাঁৱত থকা এখন অনাথ আশ্ৰমৰ ২৫ টা শিশুক চিকিৎসক গৰাকীয়ে কাপোৰ দিয়াৰ লগতে বেগ, চেন্দেল আদি যোগান ধৰি বিদ্যালয়ত পঢ়োৱাৰ দ্বায়িত্ব লৈছে৷ তেওঁ প্ৰতি মাহে শিশুসকলক এসাঁজ আহাৰ যোগান ধৰাৰো সিদ্ধান্ত লৈছে৷ চিকিৎসক তৰুণ হাজৰিকাই এই প্ৰচেষ্টা সমাজৰ কাৰণে আদৰ্শ হওঁক৷