গুৱাহাটী, ১০ এপ্ৰিল – বছৰৰ প্ৰথমতো গছপুলি ৰোপন কাৰ্যসূচীত জনবিক্ষোভৰ সম্মুখীন হ’ল বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম।  খানাপাৰা বন সংমণ্ডলৰ অন্তৰ্গত আমচাং অভয়াৰণ্যত আজি বন বিভাগে আয়োজন কৰা গছপুলি ৰোপন কাৰ্যসূচীত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় বাসিন্দাই। আমচাং অভয়াৰণ্যত দিনক দিনে হৈ থকা অবৈধ বেদখল আৰু বন ধংসৰ ফলত  অভয়াৰণ্যত খাদ্য সংকটত পৰা হাতীবোৰক পৰ্যাপ্ত খাদ্য যোগান ধৰাৰ বাবে আজি বন বিভাগে গছপুলি ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰে। কিন্তু এই কাৰ্যসূচীৰ বিৰোধিতা কৰি স্থানীয় বাসিন্দাই অভয়াৰণ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় বাসিন্দাই দাবী জনায় যে আমচাংৰ এই ঠাই খিনিত হাতী নাই৷ তেওঁলোকে সন্দেহ ব্যক্ত কৰে যে গছপুলি ৰোপনৰ এই কাৰ্যসূচীৰ আঁৰত আচলতে  আমচাংত বন বিভাগে উচ্ছেদ চলোৱাৰ পৰিকল্পনা কৰিছে। অৱশেষত পুলিচ প্ৰশাসন আৰু বন বিভাগৰ হস্তক্ষেপ কৰিহে পৰিস্থিতি শান্ত কৰে৷  স্থানীয় বাসিন্দাই আমচাংত কোনো ধৰণৰ উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি প্ৰশাসনক সকিয়াই দিয়ে। ইফালে বনমন্ত্ৰীয়ে গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছত এক সংবাদমেলত জনায় যে উচ্ছেদৰ সিদ্ধান্ত উচ্চ ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰিহে চৰকাৰে কাম কৰিব৷ অৱশ্যে  থলুৱা নাগৰিকৰ স্বাৰ্থৰ কথাও চৰকাৰে চিন্তা কৰিব বুলি তেওঁ সংবাদমেলত জনায়। উল্লেখ্য যে আজিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অভিনেতা যতীন বৰা, বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাৰ লগতে বন বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷