গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাক সন্ধি ক্ষণত অসমীয়া বোলছবি অনন্যাৰ জৰিয়তে সাংস্কৃতিক জগতলৈ সুখবৰ কঢ়িয়াই আনিছে প্ৰযোজক নিখিলেখ বৰুৱাই। প্ৰেম- ভালপোৱা, ঘাট-প্ৰতিঘাটৰ নিভাঁজ প্ৰতিফলনেৰে এগৰাকী নাৰীৰ জীৱন গাঁথাৰে বোলছবিখনৰ চৰিত্ৰ সমূহক বাস্তৱ ৰূপ দিবলৈ যৎপৰোনাষ্টি চেষ্টা অব্যাহত ৰাখিছে পৰিচালক লৰ্ড দাসে।
শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনন্যা বোলছবিৰ শ্ৰৱ্য চিডি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। জনপ্ৰিয় সংগীত পৰিচালক দিগন্ত ভাৰতীয়ে সংগীত পৰিচালনা কৰা বোলছবিখনৰ গীত
কেইটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠ শিল্পী জুবীন গাৰ্গ,জুৱলী, ভাস্বতী ভাৰতী আৰু নিখিলেখ বৰুৱাই।
বোলছবি খনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা নিপন গোস্বামী, জয়ন্ত ভাগৱতী,ভাৰ্গব কটকী,সিদ্ধাৰ্থ, চেতনা দাসৰ লগতে কেইবাগৰাকীও ন পুৰণি শিল্পীয়ে।