গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিল : অসমৰ প্ৰথম মহিলা চিটীবাছ চালক, বিশিষ্ট ব্যৱসায়ী, অসমৰ চলচিত্ৰ তথা সাংস্কৃতিক জগতৰ এগৰাকী অক্লান্ত কৰ্মী, খেলুৱৈ, সমাজকৰ্মী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা দীপালী ৰাজখোৱাৰ দেহাৱসান।

নিজে চিটীবাছ ক্ৰয় কৰি চিটীবাছ চলোৱা দীপালী ৰাজখোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ আৰু বক্সিং খেলুৱৈ আছিল। উত্তৰ পূৰ্বাঞ্চলত মটৰবাইক ৰেলীত অংশ লোৱা প্ৰথম মহিলা আছিল দীপালী ৰাজখোৱা।

ইয়াৰোপৰি ‘সপোন’, ‘প্ৰিয়া অ’ প্ৰিয়া’, ‘বিস্ফোৰণ’ আদি চিনেমাৰ লগত জড়িত দীপালী ৰাজখোৱা দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিক নিৰ্মাণৰ লগতো জড়িত আছিল।

জামুগুৰিহাটৰ এটি সাংস্কৃতিক পৰিয়ালত জন্ম লাভ কৰা গুৱাহাটীৰ হেঙেৰাবাৰী নিবাসী দীপালী ৰাজখোৱাৰ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত বিয়োগ ঘটে।