গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কোনো ৰাজনৈতিক দলে নিৰ্বাচনত কলা ধন বা নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা ধনৰ পৰিমাণ সীমাতকৈ বেছি নিৰ্বাচনৰ সময়ত বেছি ব্যৱহাৰ যাতে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে আয়কৰ বিভাগৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল ৩২৪ ৰ নিৰ্দেশনা জাৰি কৰিছে। কোনেও যাতে কলা ধন প্ৰয়োগ কৰিব নোৱাৰে তাক লৈ সষ্টম হৈ পৰিছে নিৰ্বাচন আয়োগ ।

ইতিমধ্যে ২০১৯ ৰ নিৰ্বাচন ঘোষণা হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলত ডেৰশ জন বিষয়া নিযুক্ত দিয়া হৈছে । যিয়ে ১১২ খন জিলাৰ ১২ তা বিমানবন্দৰ নিৰীক্ষণ কৰিব।

উল্লেখযোগ্য যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো আশ্চৰ্যজনকভাৱে নিৰ্বাচন ঘোষণা হোৱাৰ পাছৰে পৰা নগদ ধন বেংকত থোৱা পৰিলক্ষিত হৈছে আৰু ঠিক তেনেদৰে নগদ ধন উলিয়াই নিয়াও পৰিলক্ষিত হৈছে। এনেধৰণৰ সন্দেহজনক টকা ৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে নিৰ্দেশ দিছে।

আনহাতে ,যিকোনো বেংক একাউণ্টত ১০ লাখতকৈ অধিক জমা কৰা বা উলিওৱা যদি হয় সেই বিষয়ে ততালিকে আয়কৰ বিভাগত জনাবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে।

ইতিমধ্যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ২০০ তাতকৈও অধিক এনেধৰণৰ তথ্য হাতত আহি পৰিছে । মঙলবাৰে আয়কৰ বিভাগে ১.৯৬ কোটি টকা বিমানবন্দৰৰ লগতে বিভিন্ন স্থানৰ পৰা জব্দ কৰিছে ।