আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: আগন্তুক ৰাভা হাচং পৰিষদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ বলিছে দক্ষিণ কামৰূপৰ লগতে মহানগৰৰ কিছু সংখ্যক স্থানত । ৰাভা হাছং স্বায়ত্ব শাসিত নিৰ্বাচনী দিন চমু চাপি অহাৰ লগতে ৰাভা হাছংৰ ভোট বৰ্জনৰ হুংকাৰ ৰাণীৰ পাটগাও-১, পাটগাও-২, ধনীপাৰা, মিলনপাৰা, সূৰুযনগৰ, পশ্চিম পাটগাও আদি জনজাতীয় গাঁৱৰ লোকৰ । মহানগৰ সম্প্ৰসাৰনৰে ৰাভা হাছং স্বায়ত্ব পৰিষদে এই সমুহ অঞ্চল নিজৰ অধীনত কৰাৰ ষয়যন্ত্ৰৰ অভিযোগ তুলিছে পাটগাও নাগৰিক সমিতিয়ে । ইতিমধ্যে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত মহানগৰীৰ অধীনৰ এইকেইখন গাঁৱৰ লোকৰ নাম ভোটাৰ তালিকাত প্ৰকাশ পাইছে আনকি পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম থকা লোকৰ নামো এই ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ ভোটাৰ তালিকাত প্ৰকাশ পাইছে যাৰ বাবে শনিবাৰে মহানগৰীৰ সমীপৰ ৰাণীত লোকসকলে এক প্ৰতিবাদ সাব্যস্ত কৰে । ঐতিহ্যৰে পৰা ৰাণীত বসবাস কৰি অহা এইসকল লোকে কোনোপদ্ধে অৰ্ন্তভুক্ত হ’ব নোখোজে ৰাভাহাছং স্বায়িত্ব শাসিত পৰিষদত । এই সন্দৰ্ভত মহানগৰ জিলা উপয়ুক্ত আৰু আজাৰা ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে পাটগাও নাগৰিক সমিতিয়ে ।
