বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২০জানুৱাৰী: বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৰাজ্যৰ ভিতৰতে এখন লেখত লৱলগীয়া শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানখনিয়ে ১৫০ বছৰৰ দুৱাৰ দলিত সোমালেহি। সেই উদ্দেশ্যে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসমূহে উদযাপন কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। ন-পুৰণি ছাত্ৰৰ মিলন ভূমিত পৰিণত হৈছে ঐতিহ্যমণ্ডিত বিদ্যালয় চৌহদ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত প্ৰতিষ্ঠা কৰা হয় প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ প্ৰতিমূৰ্তি । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে এই সমাৰোহ । স্বচ্ছ অভিযানেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰি পৰ্যায় ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছহীদ তৰ্পণ, প্ৰতিমূৰ্তি উন্মোচণ আৰু অন্তৰংগ আলাপ অনুষ্ঠিত হয়। লগতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।