জাগীৰোড, ১৬ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ জাগীৰোডৰ কার্যালয়ত বজৰং দলৰ বেনাৰ উদ্ধাৰ হোৱা ঘটনাক দুৰ্ভাগ্য জনক আখ্যা দিছে জাগীৰোড শাখা বজৰং দলে। এক প্ৰেছ বিবৃতিত বজৰং দলৰ জাগীৰোড শাখা সমিতিৰ সভাপতি কৈলাশ ছেত্ৰী আৰু সম্পাদক মৃদুল বৰদলৈয়ে কয় যে, শুক্রবাৰে জাগীৰোডৰ এগৰাকী টেট শিক্ষয়িত্ৰীৰ ঘটনাৰ তদন্ত বিচাৰি বজৰং দলে  জাগীৰোড কলা মন্দিৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছিল৷ কলা মন্দিৰ হৈছে বিভিন্ন দল, সংগঠন, অনুস্হান প্ৰতিষ্ঠানৰ সভা সমিতি অনুস্হিত কৰা ৰাজহুৱা স্থান। কলা মন্দিৰতে জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ অস্থায়ী কাৰ্যালয় আছে। শুক্ৰবাৰে বজৰং দলৰ কাৰ্যসূচীত ব্যৱহৃত প্লেকাৰ্ড, পোষ্টাৰ জাগীৰোড আছুৰ কাৰ্যালয়ত আছু কৰ্মী নথকাৰ সুযোগলৈ কোনো দুষ্কৃতিকাৰীয়ে ফটো তুলি ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰি আছুক জনমানসত হেও প্ৰতিপন্ন কৰিব বিচৰিছে। মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ মৰিগাওঁ সদৰত দিনযোৰা কাৰ্যসূচী থকাত জাগীৰোডৰ আছু কৰ্মীসকল জিলা কাৰ্যসূচীত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি এনে কাৰ্য্য সিদ্ধি কৰিছে। এই ঘটনাত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব। দুষ্ট চক্ৰৰ এনে কাৰ্য্যৰ দ্বাৰা দুই সংগঠনৰ মাজত বিভেদ সৃষ্টি কৰি সহস্ৰ জনগণক বিপথে পৰিচালিত কৰিব বিচাৰিছে।