অভয়াপুৰী, ১৬ চেপ্তেম্বৰঃ বঙাইগাঁৱৰ অভয়াপুৰীৰ এছবিআই শাখাৰ সন্মুখত দুজন যুৱকে বেংক কৰ্মচাৰীৰ পৰা দিন দুপৰতে নগদ ৫লাখ টকা লুট কৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, দুপৰীয়া প্ৰায় ২বজাত অসম গ্ৰামীন বিকাশ বেংকৰ বহলপুৰ শাখাৰ পৰিচালক আনোৱাৰ হুছেইনে নিজ কৰ্মৰত বেংকৰ বাবে প্ৰয়োজন হোৱা ৫লাখ টকা এছবিআইৰ অভয়াপুৰী শাখাৰ পৰা লৈ এএছ০৫এফ ১৯২০ নম্বৰৰ ব্যক্তিগত আইটেন গাড়ীখনৰ চিটত থয়। সেই সময়তে এজন যুৱকে আনোৱাৰ হুছেইনক টকা তলত পৰি  থকা জনোৱাত হুছেইনে তললৈ চাই কেইখনমান দহটকীয়া নোট পৰি থকা প্ৰত্যক্ষ কৰে৷ পিছমূহুৰ্ততে বেংকৰ শাখা পৰিচালকজনে গাড়ীখনৰ ছিটলৈ লক্ষ্য কৰি বেংকৰ পৰা অনা ৫ লাখ টকা কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷ তেওঁক তলত টকা পৰি থকা বুলি জনোৱা যুৱকজনৰ পিছে পিছে খেদি গৈ এছবিআইৰ অভয়াপুৰী শাখাৰ সমীপৰ এখন হোটেলৰ পৰা যুৱকজনক ৰাইজৰ সহযোগত আটক কৰে যদিও  যুৱকজনৰ পৰা টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। আনোৱাৰ হুছেইনে ঘটনাৰ সন্দৰ্ভত অভয়াপুৰী আৰক্ষীক অৱগত কৰোৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰে। স্থানীয় লোকে যুৱকজনে টকাখিনি তেওঁৰ সহযোগীক হস্তান্তৰ কৰা বুলি সন্দেহ  কৰিছে। উল্লেখ্য যে, আৰক্ষীৰ জেৰাত যুৱকজনে নিজকে শিলিগুৰীৰ হংকং মাৰ্কেটৰ অমল দাস(২০) বুলি পৰিচয় দিয়ে আৰু অভয়াপুৰীলৈ ফুৰিবলৈ আহিছে বুলি জানিবলৈ দি উক্ত ঘটনাটোৰ লগত তেওঁ জড়িত নহয় বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।